সংকটজনক অৱস্থাত ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী ?

0
1886

নিউজ হে’লথ্ প্লাছ

°°°°°°°°°°°°°°°°°°

১৯ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী ক’ৰোনাত আক্ৰান্ত হোৱা বুলি যোৱা ১০ আগষ্টতেই ধৰা পৰিছে। ইন্ট্ৰা-ক্ৰেনিয়েল ক্ল’ট হোৱা বাবে আৰ্মী ৰেফাৰেল হাস্পিতাল অণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত মগজুৰ অষ্ট্ৰোপ্ৰচাৰ কৰা হয়। অতি শেহতীয়া খবৰ অনুসৰি সম্প্ৰতি ভেন্টিলেটৰত কৃত্ৰিম অম্লজানৰ সহায়ত শ্বাস-প্ৰশ্বাস কৰি থকা প্ৰাক্তন ত্ৰয়োদশ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অধিক সংকটজনক হৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ তেওঁ‌ৰ হাওঁ‌ফাওঁ‌ত গুৰুতৰ সংক্ৰমণ ধৰা পৰিছে।

১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা মূখাৰ্জীয়ে ২০১২, ২৫ জুলাইৰ পৰা ২০১৭, ২৫ জুলাইলৈ ভাৰতবৰ্ষৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here