ষ্ট্ৰ’কৰ পৰা বাচিবলৈ মাছ খাওক

0
700
মাছ আমিষভোজী লোকৰ বাবে এবিধ প্ৰিয় খাদ্য৷ অতি সহজে পোৱা মাছৰ পৰা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ মাছ স্বাস্থ্যৰ বাবে উপকাৰী৷ মাছত অতি উচ্চ মানৰ প্ৰ’টিন, ভিটামিন, এণ্টিঅক্সিডেণ্ট, খনিজ লৱণ আৰু বিভিন্ন পোষক দ্ৰব্য পোৱা যায়, যি আমাৰ শৰীৰটোৰ বাবে লাগতিয়াল৷ মাছ খালে হোৱা উপকাৰসমূহ কি জানো আহক৷

(১) মাছ সেৱনে আমাৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷ মাছত থকা এণ্টিঅক্সিডেণ্ট আৰু ওমেগা ৩ ফেটি এচিডৰ বাবে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা ১৫ শতাংশ হ্ৰাস পায়৷


(২) মাছত প্ৰচুৰ পৰিমাণে ভিটামিন-D পোৱা যায়৷ এই ভিটামিন-D-এ টোপনিৰ মান উন্নত কৰাত সহায় কৰে৷ সেয়েহে আমাৰ টোপনিৰ সমস্যা দূৰ হয়৷


(৩) মাছত DHA-ৰ লগতে ওমেগা ৩ ফেটি এচিড যথেষ্ট পৰিমাণে পোৱা যায়৷ এই DHA-এ শিশুৰ মগজু বিকাশত সহায় কৰে৷ ইয়াৰ লগতে চকুৰ দৃষ্টিশক্তি মজবুত কৰি ৰাখে৷

Chemical in zebrafish brain may hold key to repairing human retina and curing blindness | Express.co.uk


(8) ডায়েবেটিছ ৰোগীৰ বাবে মাছ অতিকে উপকাৰী৷ কিয়নো মাছত থকা এণ্টিঅক্সিডেণ্ট, ওমেগা ৩ ফেটি এচিডে ইনছুলিন হৰমন ক্ষৰণ কৰা অগ্নাশয় গ্ৰন্থিৰ কোষবোৰক সতেজ কৰি হৰমন ক্ষৰণ তড়িৎ কৰিব পাৰে৷


(৫) গাঁঠিৰ বিষ নিৰাময়ৰ বাবে মাছ খোৱা লাভজনক৷ তদুপৰি মাছ সেৱনে শিশুৰ হাঁপানি ৰোগ প্ৰতিৰোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here