শৰীৰ সুস্থ ৰাখিবলৈ কেনেধৰণৰ খাদ্য এৰাই চলিব?

0
1114
আমি দিনটোৰ সৰহভাগ সময়ত বাছ-বিচাৰ নোহোৱাকৈ নানাধৰণৰ খাদ্য গ্ৰহণ কৰোঁ৷ এই সকলোবোৰ খাদ্যই যে আমাৰ উপকাৰ সাধন কৰে, তেনে নহয়৷ ইয়াৰে কিছুমানে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়৷ সেয়েহে আমি খাদ্যৰ গুণাগুণ বিচাৰ কৰিহে খাদ্য খোৱাটো ভাল৷ জানো আহক কি ধৰণৰ খাদ্য খোৱাটো শৰীৰৰ বাবে বেয়া আৰু খাদ্য তালিকাৰ পৰা এৰাই চলাটো উচিত৷

[১] সতেজ, তেজাল মাংস খোৱাৰ পৰিৱৰ্তে ৰেডিমেট মাংস খোৱাৰ প্ৰবণতা বাঢ়িছে, সেয়া সময়ৰ অভাৱতে হওক বা আন কিবা কাৰণত৷ কিন্তু এনেধৰণৰ খাদ্যত থাকে N-nitroso compounds৷ যিয়ে মস্তিষ্কৰ টিউমাৰ হোৱাৰ আশংকা বঢ়াই তোলে৷ এটা কথা লক্ষ্য ৰাখিব, খাদ্যৰ লগত যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি খোৱাটো ভাল৷ যাতে শৰীৰে ভিটামিনৰ মাত্ৰা বেছি পায়৷

Grilled BBQ Chicken {How-To Guide}


[২] গৱেষণা মতে শৰীৰত চেনিৰ পৰিমাণ অত্যধিক হ’লে ইয়ে মস্তিষ্কৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ আনহাতে ৰক্ত শৰ্কৰাৰ পৰিমাণ বাঢ়িলে আলঝেইমাৰ বেমাৰৰ কাৰণ হ’ব পাৰে৷ সেয়েহে কে’ক্‌, পেষ্ট্ৰি আদি অত্যধিক মিঠাজাতীয় খাদ্য খোৱাৰ ক্ষেত্ৰত খেয়াল ৰখাটো অতি জৰুৰী৷

Black Forest Pastry Recipe Without Oven | Black Forest Cake Recipe | Anisha Recipe - YouTube


[৩] অতিৰিক্ত মদ্যপান যে শৰীৰৰ কাৰণে ক্ষতিকাৰক, সেই কথা সকলোৰে বিদিত৷ লিভাৰৰ অসুখৰ পৰা ৰক্তচাপৰ সমস্যা আনকি দুৰাৰোগ্য কেঞ্চাৰলৈকে সকলোতে মদ্যপানে বিৰূপ প্ৰভাৱ পেলায়৷ মদত থকা ইথানলে মস্তিষ্কত কুপ্ৰভাৱ পেলায়৷ ইয়াৰ ফলত বিভিন্ন ধৰণৰ মানসিক সমস্যাই দেখা দিব পাৰে৷ মস্তিষ্কৰ কৰ্মক্ষমতা কমাত মাদক দ্ৰব্যই বিশেষ ভূমিকা লয়৷

alcohol: Has Covid-19 changed the way people drink? More drinkers are cutting down on alcohol in lockdown - The Economic Times

LEAVE A REPLY

Please enter your comment!
Please enter your name here