শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰিবলৈ কি খাব? What to eat to expel toxins from body?

0
446
আপেল অতি সুস্বাদু ফল হোৱাৰ লগতে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত লাগতিয়াল৷ জানো আহক কিদৰে আপেলে আমাক সহায় কৰে৷

আপেলত প্ৰচুৰ পৰিমাণে ভিটামিন-C থাকে৷ ইয়াত থকা প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷
আপেলে শৰীৰৰ স্নায়ুৰ কাৰ্যক্ষমতা শক্তিশালী কৰে৷ আপেলত থকা ভিটামিন-B কমপ্লেক্সে শৰীৰত লোহিত ৰক্ত কণিকাৰ সৃষ্টি কৰে৷
আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ যিয়ে হজম প্ৰক্ৰিয়া উন্নত কৰে৷ হজম প্ৰক্ৰিয়া উন্নত হ’লে বিপাক ক্ৰিয়াও বৃদ্ধি পায়৷

6 Fruits That Help Better Digestion - NDTV Food

আপেলে শৰীৰত শৰ্কৰাৰ মাত্ৰা কমায়৷ লগতে খনিজ আৰু এণ্টিঅক্সিডেণ্ট বঢ়াই ওজন কমোৱাত সহায় কৰে৷
আপেলত থকা ভিটামিন-K-এ ৰক্তপ্ৰবাহ ঠিক ৰখাত সহায় কৰে৷
গৱেষণাত পোৱা মতে প্ৰতিদিনে আপেল খালে হাওঁফাঁওৰ ক্ষতিৰ সম্ভাৱনা বহুলাংশে কমাই ৰাখে৷

10 Impressive Health Benefits of Apples

উচ্চ কলেষ্টৰেল আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আপেলে সহায় কৰে৷ ইয়াত থকা উপাদানে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখে৷
আপেলত প্ৰ’বায়’টিক উপাদান পেকটিন থাকে বাবে অন্ত্ৰৰ সমস্যা সমাধান কৰাত অৰিহণা যোগায়৷
শৌচ খোলোচা হোৱা, পেটৰ বিষ, পেট ফুলা, কোষ্ঠকাঠিন্য আদি সমস্যা নিৰাময়ৰ বাবে আপেল খোৱা উচিত৷
আনহাতে শৰীৰ ভিতৰত থকা দূষিত বায়ু বাহিৰ কৰাত আপেলে যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here