শৰীৰত ইউৰিক এচিডৰ মাত্ৰা কিয় বাঢ়ে– জানেনে?

0
2715


আজিকালি আমাৰ সকলোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যোৱাৰ সমস্যা বৃদ্ধি পাইছে৷ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে নানা সমস্যাই দেখা দিব পাৰে৷ শৰীৰত ইউৰিক এচিডৰ উচ্ছ মাত্ৰাৰ উপস্থিতিৰ ফলত বাত বিষ, ভৰিৰ বিষ, ভৰি ফুলি খোজকাঢ়িব নোৱাৰা আদি একাধিক সমস্যা হ’ব পাৰে৷ সময় বাঢ়ি যোৱাৰ লগে লগে অস্থিকন্ধিৰ ইউৰিক এচিড জমা হৈ থাকে আৰু অস্থিসন্ধি ফুলি যাব পাৰে৷ ইয়াৰ ফলত প্ৰচণ্ড বিষ হোৱাৰ লগতে খোজ কঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়৷ সাধাৰণতে স্বাভাৱিক অৱস্থাত থকা ইউৰিক এচিডৰ পৰিমাণ যথাক্ৰমে পুৰুষৰ ক্ষেত্ৰত ৩.৪-৭.০ mg/dl আৰু মহিলাৰ ক্ষেত্ৰত ২.৪-৬.০ mg/dl থাকিব লাগে৷ উক্ত পৰিমাণতকৈ যদি পৰিমাণ বেছি হয়, তেন্তে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰা অত্যন্ত প্ৰয়োজন হৈ পৰে৷ শৰীৰত এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ খুব এটা কাৰ্যকৰী উপাদান হ’ল Apple Cider Vinegar ইয়াৰ দামো খুব বেছি নহয় বাবে সাধাৰণ লোকেও ইয়া ব্যৱহাৰ কৰিব পাৰে৷

ইয়াৰ দ্বাৰা আমি কেনেকৈ ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰোঁ, জানো আহক–
এক চামুচ ভিনেগাৰ এক গ্লাছ পানীত মিহলাই সেৱন কৰিব লাগে৷ নিয়মিতভাৱে দিনে অন্ততঃ দুই-তিনি বাৰ এই মিশ্ৰণ সেৱন কৰক৷ Apple Cider Vinegar-এ শৰীৰৰ অভ্যন্তৰত থকা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত কাৰ্যকৰী ভূমিকা পালন কৰে৷ ইয়াত মেলিক এচিড থাকে, যিয়ে ইউৰিক এচিডৰ ক্ৰিষ্টেলবোৰ ভাঙি পেলায় আৰু শৰীৰত জমা হোৱা বৰ্জনীয় পদাৰ্থ বাহিৰ কৰি দিয়ে৷

তদুপৰি দৈনিক অন্তত তিনি লিটাৰ পানী খাব লাগে৷ পানী সেৱনে শৰীৰত ইউৰিক এচিড জমা হ’বলৈ নিদিয়ে৷ ইউৰিক এচিডৰ সমস্যা থাকিলে উচ্ছ প্ৰ’টিনযুক্ত খাদ্য, যেনে– মাছ, মাংস, মচুৰ দাইল, ৰাজমা, পালেং শাক আদি খোৱাৰ পৰা বিৰত থাকিব লাগে৷ অতিৰিক্ত পিউৰিনযুক্ত খাদ্য, যেনে– ৰে’ড মিট, ৰাম, বিশেষ কিছু সামুদ্ৰিক মাছ একেবাৰেই খোৱা অনুচিত৷ মনত ৰাখিব শৰীৰত উচ্ছ মাত্ৰাত ইউৰিক এচিডৰ উপস্থিতিৰ ফলত উচ্ছ ৰক্তচাপ, বাত বিষ, কিডনীৰ সমস্যা আদি জটিল ৰোগে শৰীৰক আক্ৰমণ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here