শৰীৰচৰ্চাৰ আগতে ভুলতো নাখাব এইবোৰ

0
2004

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত আমাৰ দৈনন্দিন খাদ্যাভ্যাসে বিশেষ ভূমিকা পালন কৰে৷ সুষম আহাৰ আৰু উপযুক্ত খাদ্যাভাসে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।উপযুক্ত আহাৰৰ লগতে শৰীৰচৰ্চাও আপোনাৰ ওজন হ্ৰাস কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰে৷ শৰীৰচৰ্চা বা ব্যায়াম, আসন আদি কৰি উঠাৰ পাছত ভোক লগাটো স্বাভাৱিক৷ অধিক শৰীৰচৰ্চা কৰি উঠাৰ পাছত বা তাৰ আগতেও আপোনাৰ শৰীৰটোৰ প্ৰয়োজনীয়তা পূৰাবলৈ কিবা নহয় কিবাটো খাবই লাগে, কিন্তু ইয়াৰ মাজতে লক্ষ্য ৰখা উচিত যে আপুনি শৰীৰচৰ্চাৰ আগত উপযুক্ত খাদ্য খাই আছে নে নাই৷ কাৰণ ইয়ে আপোনাৰ ওজন হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ শৰীৰচৰ্চাৰ আগত নাখাবলগীয়া খাদ্য খালে আপোনাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ কেনেকুৱা ধৰণৰ খাদ্য শৰীৰচৰ্চাৰ আগত খাব নালাগে জানো আহক–

(১) শৰীৰচৰ্চাৰ আগত কেতিয়াও মিঠাজাতীয় খাদ্য গ্ৰহণ কৰিব নালাগে৷ মিঠাজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ফেট থাকে৷ যাক খোৱাৰ পাছত আপোনাৰ পেট ভৰ্তি যেন অনুভৱ হয় আৰু সেই কাৰণে শৰীৰচৰ্চা কৰিবলৈ গ’লে পেট ভৰ্তি হোৱা বাবে ভাগৰ অনুভৱ কৰা যায় আৰু টোপনিৰ ভাবো অহা দেখা যায়৷


(২) শৰীৰচৰ্চাৰ আগত মিঠা খাদ্যৰ লগতে অধিক খাদ্য কেতিয়াও গ্ৰহণ কৰিব নালাগে৷ অধিক খাদ্য গ্ৰহণৰ ফলত শৰীৰচৰ্চাৰ সময়ত এনাৰ্জি লেভেল কমি যায় আৰু ভাগৰ অনুভৱ হয়৷


(৩) বহুত বেছি জ্বলা-মছলাযুক্ত খাদ্য হজম হ’বলৈ অধিক সময় লাগে৷ ইয়াৰ ফলত বদহজম, বুকু জ্বলা-পোৰা, গেছ আদিও হ’ব পাৰে৷ গতিকে শৰীৰচৰ্চাৰ আগত এনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷


(৪) বজাৰত উপলব্ধ পানীয় বা ছফ্‌ট ড্ৰিংক্‌ছ শৰীৰচৰ্চাৰ আগত গ্ৰহণ কৰিব নালাগে৷ ইয়াত প্ৰচুৰ পৰিমাণে ছুগাৰ থাকে৷ যাৰ সেৱনৰ দ্বাৰা আপোনাৰ ওজন হ্ৰাস হোৱাৰ পৰিৱৰ্তে ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে৷


(৫) সাধাৰণতে অধিকাংশ ডায়েটিচিয়ানে ওজন হ্ৰাস কৰাৰ বাবে ফাইবাৰযুক্ত খাদ্য গ্ৰহণৰ পৰামৰ্শ দিয়ে, কিন্তু শৰীৰচৰ্চা কৰাৰ আগমুহূৰ্তত ফাইবাৰযুক্ত খাদ্যই ওজন হ্ৰাস কৰাত নেতিবাচক প্ৰভাৱ পেলায়৷ শৰীৰচৰ্চাৰ আগত ওট্‌ছ, হুইট ব্ৰেড, পাস্তা আদিৰ দৰে খাদ্য গ্ৰহণ কৰিলে শৰীৰচৰ্চাত সমস্যাই দেখা দিব পাৰে৷ এইবোৰ খাদ্য হজম হোৱাত সময় লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here