শোৱাৰ ভংগীয়ে ক্ষতি কৰিব পাৰে আপোনাৰ স্বাস্থ্য

0
1057

পোন হৈ শুলে দেহত বয়সৰ চাপ কমে৷

টোপনি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন৷টোপনিয়ে আমাৰ শৰীৰৰ কাৰ্যসমূহ পুনৰ সক্ৰিয় কৰাত সহায় কৰে৷ গতিকে গোটেই দিনটোৰ ব্যস্ততাৰ অন্তত আমি টোপনি মৰাটো দৰকাৰী৷ সকলো মানুহৰে শোৱাৰ ধৰণ বা ভংগী বেলেগ বেলেগ হয়৷ কিছুমানে যদি কোমল গাৰু ভাল পায়, কিছুমানে আকৌ গৰম হওক বা ঠাণ্ডা হওক গাত কাপোৰ এখন নহ’লে যেন নহয়েই৷ ঠিক তেনেদৰে কিছুমানে যদি পোন হৈ শুই ভাল পায়, কিছুমানে আকৌ কুকুৰি-মুকুৰি শোৱাটো পচন্দ কৰে৷ আচৰিত যেন লাগিলেও এইটো সঁচা যে আপোনাৰ স্বাস্থ্য আপুনি কেনেধৰণে শোৱে, তাৰ ওপৰতে নিৰ্ভৰ কৰে৷ আমি সাধাৰণতে তিনিপ্ৰকাৰে শোওঁ৷ পোন হৈ, কাতি হৈ আৰু তলমুৱাকৈ৷

(১) পোন হৈ শোৱাটো শৰীৰৰ কাৰণে ভাল৷ পোন হৈ শুলে আমাৰ ৰাজহাড় স্থিৰ হৈ থাকে আৰু ইয়াৰ flexibility সুৰক্ষিত হৈ থাকে৷ ইয়াৰ লগতে পোন হৈ শুলে দেহত বয়সৰ চাপ কমে৷ কিন্তু ইয়াৰ এটাই অসুবিধা হৈছে যে পোন হৈ শুলে নাকৰ শব্দ অধিক হয়, যাৰ ফলত ওচৰত থকা মানুহৰ টোপনিত ব্যাঘাত জন্মে৷

How to Train Yourself to Sleep on Your Back: Just Need 4 Steps

(২) প্ৰায় বেছিভাগ মানুহে কাতি হৈ শোৱাটো পচন্দ কৰে৷ লাগিলে তেওঁৰ বাওঁফালেই হওক বা সোঁফালেই হওক৷ এনেকৈ শুলে শৰীৰৰ তেনে কোনো ক্ষতি নহয় যদিও আপুনি যদি একেটা ভংগীতে টোপনি যোৱা লোক হয়, তেন্তে সোঁফাল হৈ বেছি সময় নুশুব৷ কাৰণ সোঁফালে অনৱৰতে শোৱাৰ ফলত আপোনাৰ পেটৰ সমস্যা হ’ব পাৰে৷ সেইবাবে সোঁফালৰ তুলনাত বাওঁফালে শোৱাটো বেছি ভাল৷ বাওঁফালে শোৱাৰ ফলত সোনকালে হজম হয় আৰু গৰ্ভাৱস্থাত সোঁফালে শোৱাটো অতি উত্তম৷ কাতি হৈ শুলে নাকৰ শব্দও নহয়৷ কিন্তু ইয়াৰ ফলত আপোনাৰ বাহুৰ বিষ হ’ব পাৰে৷

Here's Why You Should Be Sleeping on Your Left Side During Pregnancy

(৩) আপুনি যদি তলমুৱাকৈ শোৱে, তেন্তে আপুনি ব্যৱহাৰ কৰা গাৰু আৰু ডিঙিৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷ কাৰণ বহুতো পিঠিৰ বিষৰ সমস্যা ডিঙিৰ vertebrae অংশৰ পৰাই উৎপন্ন হয়৷ তেনেকৈ শোৱাৰ ফলত আপোনাৰ ডিঙি আৰু পিঠিৰ বিষৰ সমস্যা হ’ব পাৰে৷ গতিকে যদি আপুনি তেনেকৈ শুই ভাল পায়, তেন্তে আপুনি এনেকুৱা গাৰু ব্যৱহাৰ কৰা উচিত, যিয়ে আপোনাৰ মেৰুদণ্ডডালক সুৰক্ষিত কৰি ৰাখিব পাৰে৷

Sleeping on your stomach: Is it bad for you?

LEAVE A REPLY

Please enter your comment!
Please enter your name here