শুকান ছালৰ সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

0
1598

আপুনি শুকান ছালৰ গৰাকী নেকি? শীতত আপোনাৰ ছালখনৰ মসৃণতা হেৰাই গৈছে নেকি? শীতকালত ছালৰ উপযুক্ত যতন নললে ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে৷ ইয়াৰ ফলত ছাল ফাটি তাত বগা দাগ পৰিব পাৰে আৰু এই সমস্যা সংক্ৰমিতও হ’ব পাৰে৷ সাধাৰণতে শুকান বতৰ, বহুত গৰম পানীৰে গা ধোৱা, অত্যধিক জুই পুওৱা, দেহত পানীৰ অভাৱ আদিৰ ফলতো ছাল শুকান হ’ব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি কৰিব লাগে, জানো আহক–

(১) নাৰিকল তেলত থকা চেটুৰেটেড ফেটি এচিডে ছাল কোমল কৰাত সহায় কৰে৷
(২) কেঁচা গাখীৰত ওটছ মিশ্ৰণ কৰি সেই মিশ্ৰণেৰে স্ক্ৰাব কৰিলেও সুফল পোৱা যায়৷
(৩) শুকান ছালৰ বাবে গাখীৰ অতি উত্তম৷ ইয়াত থকা লেকটিক এচিডে ৰুক্ষ ছাল মসৃণ কৰাত সহায় কৰে৷ ইয়াৰ বাবে ঠাণ্ডা গাখীৰত এখন টাৱেল ভিজাই অলপ সময় আক্ৰান্ত অংশত দিব লাগে৷
(৪) দৈ লগালেও ছাল মসৃণ হয়৷
(৫) শুকান ছালত মৌ ফেচমাস্ক হিচাপে লগাই শুকুওৱাৰ পাছত গৰম পানীৰে ধুই দিব লাগে৷
(৬) আক্ৰান্ত অংশত এলোভেৰা জেল লগালেও সুফল পোৱা যায়৷ ৰাতি শোৱাৰ আগত এলোভেৰা জেল লগোৱাটো অতি উত্তম৷
(৭) পেট্ৰ’লিয়াম জেলো শুকান ছালৰ আদ্ৰৰ্তা ঘূৰাই অনাত উপকাৰী৷
(৮) এণ্টিঅক্সিডেণ্ট বা অমেগা-৩ যুক্ত পাচলি যেনে– বিলাহী, গাজৰ, মটৰ, বিন আদিও শুকান ছালৰ বাবে উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here