শুকান কাহ হ’লে কি খাব?

0
1548
জলবায়ুৰ পৰিৱৰ্তন, ধূলি-বালি আদিৰ ফলত কাহ হোৱাটো তেনেই এক সাধাৰণ কথা৷ কিন্তু কাহ হোৱাৰ ফলত ভুক্তভোগী ব্যক্তিজনে অত্যন্ত অস্বস্তিত দিন কটাবলগীয়া হয়৷ বিশেষকৈ শুকান কাহ হ’লে ডিঙি চেৰচেৰনিৰ লগতে কাহি কাহি বুকুৰ বিষো উঠা দেখা যায়৷ সেয়েহে এনে পৰিস্থিতিত শুকান কাহ হ’লে কি খাব জানো আহক৷

(১) পকা বিলাহীৰ ৰস উলিয়াই তাত এচামুচ কেঁচা হালধিৰ গুড়ি আৰু চেনি মিশ্ৰণ কৰি খালে শুকান কাহ ভাল হয়৷


(২) শুকান কাহত আদা, ডালচেনি, হালধিৰ গুড়ি আৰু পিপলিৰ গুড়ি সমপৰিমাণে লৈ তাত মৌ মিশ্ৰণ কৰি খালে সুফল পোৱা যায়৷


(৩) সতেজ বা শুকান আমলখিৰ লগত ধনিয়াৰ পাত পিহি চাটনি কৰি খালেও উপকাৰ লাভ কৰিব পাৰি৷

Amla Chutney, Gooseberry Spicy Chutney recipe


(8) শুকান কাহত বাদাম মুখত লৈ চোবালেও ডিঙিৰ সুৰসুৰণি বন্ধ হয়৷


(৫) গুৰ আৰু সৰিয়হৰ তেল মিহলাই জিভাৰে চেলেকি খালে আৰাম পোৱা যায়৷

Make a gur choice: Jaggery is the superfood of the season - Hindustan Times


(৬) বিড়ি, চিগাৰেট খোৱাৰ কাৰণে যদি শুকান কাহ হয়, তেন্তে মৰাণ আদা চোবাই খালে আৰোগ্য লাভ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here