শীতৰ আৰম্ভণিতে এইবোৰ সেৱন কৰক || Take these as winter sets in

0
451
শীত কালত ভাৰতৰ দৰে আন উন্নয়নশীল দেশসমূহত ধূলিকণাজনিত প্ৰদূষণৰ সমস্যা প্ৰবলভাৱে দেখা দিয়ে৷ গৱেষকৰ মতে শীতকালত বতাহত ধূলিকণাৰ পৰিমাণ বেছি থকাৰ প্ৰধান কাৰণ হ’ল এই সময়ত ভূপৃষ্ঠ সংলগ্ন বায়ুৰ স্তৰ ওপৰৰ বায়ু স্তৰতকৈ ঠাণ্ডা থাকে৷ ইয়াৰ ফলত তলৰ স্তৰৰ ধূলিকণা ওপৰৰ দিশে উৰিব নোৱৰা হয়, ই বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়েৰতে সীমাবদ্ধ থাকে৷ বতাহত ধূলিকণাৰ ঘনত্ব বাঢ়ে বাবে বায়ু প্ৰদূষণ হয়৷ এই বায়ু প্ৰদূষণৰ ফলত আমাৰ হাঁওফাঁওৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ে৷ এই বায়ু প্ৰদূষণৰ মোকাবিলা কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ হিচাপে ঘৰতে তৈয়াৰী কিছু পানীয়ৰ দ্বাৰা প্ৰদূষণৰ প্ৰভাৱ এৰাই চলিব পাৰি৷

প্ৰদূষণৰ সময়ত শৰীৰত পটাচিয়ামৰ মাত্ৰা খুব কম হৈ যায়৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি হয়৷ এনে পৰিস্থিতিত কল অথবা নাৰিকলৰ পানী দুয়োটাই যথেষ্ট সহায় কৰিব পাৰে৷

Coconut Banana Smoothie Recipe | Old Farmer's Almanac

আনহাতে আদাই শ্বাসনলীৰ পৰা বায়ু প্ৰদূষণকাৰী উপাদানসমূহ বাহিৰ কৰি দিয়াত সহায় কৰে৷
আমলখি আৰু আপেলৰ মিশ্ৰণে হাঁওফাঁওৰ কাৰ্যকাৰিতা উন্নত কৰে৷ ইয়াত থকা কোৱাৰছেটিন আৰু কেলিনৰ কাৰণে শ্বাস কষ্ট কমি যায়৷ এই মিশ্ৰণে অৱৰুদ্ধ বায়ু বাহিৰ কৰাত সহায় কৰে৷

Veg Indian Cooking: Amla Apple Fizz

আনাৰসৰ ৰস যিমান স্বাদ, সিমান স্বাস্থ্যৰ বাবেও উপকাৰী৷ দূষিত বতাহ এৰাত এই আনাৰসৰ ৰস কাৰ্যকৰী৷ আনাৰসত থকা ব্লোমেলিন এনজাইমে হাঁওফাঁওত জমা হোৱা বিষাক্ত ধবংসাৱশেষ পৰিষ্কাৰ কৰাত সহায় কৰে৷ এইদৰে ই প্ৰাকৃতিক উপায়েৰে হাঁওফাঁওক ডিটক্স কৰাত সহায় কৰে৷

Jusica Pineapple Juice, 250 Ml, 500 Ml, Rs 20 /bottle Jusica Agro Foods Private Limited | ID: 12030664848

LEAVE A REPLY

Please enter your comment!
Please enter your name here