শীতপ্ৰৱাহে ৫০ বছৰৰ অভিলেখ ভংগ কৰিছে ক’ত আৰু কেতিয়া?

0
2427

সমগ্ৰ উত্তৰ ভাৰত প্ৰচণ্ড শীত প্ৰৱাহৰ কবলত পৰিছে৷ লাডাখৰ ড্ৰাছত যোৱা তিনি জানুৱাৰীত ন্যূনতম তাপমাত্ৰা -২৬.৮ ডিগ্ৰীলৈ নামিছে৷ আনহাতে, কাশ্মীৰৰ গুলমাৰ্গৰ ন্যূনতম তাপমাত্ৰা শূন্যৰ পৰা ৯ ডিগ্ৰী তললৈ নামে৷ এই অঞ্চলবোৰত ৪-৫ জানুৱাৰীলৈকে হিমপাত হোৱাৰ সম্ভাৱনা আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে তিনি জানুৱাৰীত দিল্লীত শীতে ১৫ বছৰৰ অভিলেখ ভংগ কৰে৷ আনহাতে, হাৰিয়ানাত ছবছৰৰ অভিলেখ ভংগ হয়৷ ইফালে পঞ্জাবত শীতে ৫০ বছৰৰ অভিলেখ ভংগ কৰে৷ ৰাজ্যখনত ১৯৭০ চনৰ পাছত প্ৰথমবাৰৰ বাবে গড় ন্যূনতম তাপমাত্ৰা ৩ ডিগ্ৰী চেলচিয়াছ হয়গৈ৷ পঞ্জাবৰ ভাতিণ্ডাত ন্যূনতম তাপমাত্ৰা -০.২ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ হাৰিয়ানাত ৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে একেৰাহে দ্বিতীয় দিনৰ বাবে গড় তাপমাত্ৰা শূন্যৰ পৰা তললৈ নামে৷ ৰাজ্যখনত গড় হিচাপত ন্যূনতম তাপমাত্ৰা -১.২ ডিগ্ৰী চেলচিয়াছ হৈছে৷ ইফালে দিল্লীত বৰষুণ হোৱাৰ ফলত তাপমাত্ৰা অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে তিনি জানুৱাৰীত দিল্লীত প্ৰায় ১৫ বছৰৰ অভিলেখ ভংগ হয় আৰু ন্যূনতম তাপমাত্ৰা ১.১ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ ইফালে পাহাৰীয়া অঞ্চলবোৰত হোৱা হিমপাতৰ ফলত নামনিৰ ৰাজ্যবোৰত তাপমাত্ৰা হ্ৰাস পাবলৈ ধৰিছে৷ ইয়াৰ ফলত বিহাৰ আৰু উত্তৰ প্ৰদেশো প্ৰচণ্ড শীত প্ৰৱাহৰ কবলত পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here