শীতত হোৱা গাঁঠিৰ বিষৰ পৰা কেনেকৈ সকাহ পাব || How to get relief from joint pain in winter?

0
497

আপোনাৰ যদি গাঁঠিৰ বিষৰ সমস্যা আছে, তেন্তে শীতৰ দিনকেইটা আপোনাৰ বাবে যথেষ্ট কষ্টকৰ হয়৷ নহয় জানো? পুৱা শোৱাৰ পৰা উঠাৰ সময়ত গাঁঠি টানি ধৰা, বহাৰ পৰা হঠাৎ উঠিব নোৱৰা, অলপ ঠাণ্ডা পালেই যথেষ্ট বেদনা আৰম্ভ হোৱা আদি সমস্যাসমূহ সাধাৰণতে ঠাণ্ডা দিনত হোৱা দেখা যায়৷ গতিকে আপোনাৰো যদি এনেধৰণৰ সমস্যা আছে, তেন্তে অনুসৰণ কৰক এইকেইটা টিপছ৷

(১) পুৱা খোজকঢ়াৰ অভ্যাস কৰক৷ এনেদৰে খোজকঢ়াৰ ফলত শৰীৰৰ গাঁঠিসমূহ ফ্লেক্সিবল হোৱাৰ লগতে মাংসপেশীসমূহো শক্তিশালী হয়৷

Best Walking for Weight-Loss Plan | Shape


(২) শৰীৰৰ ওজন বৃদ্ধি হ’লে ইয়াৰ চাপ বিশেষকৈ ভৰি আৰু আঁঠুত পৰে৷ যাৰ ফলত গাঁঠিৰ বিষে দেখা দিয়ে৷ সেয়েহে অত্যধিক ওজন যাতে বৃদ্ধি নহয়, তাৰ ওপৰত গুৰুত্ব দিয়ক৷

Unexplained Weight Loss - Reasons, Symptoms & Causes


(৩) তেল গৰম কৰি মালিচ কৰিলেও গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

Panchakarma Massages that Give Relief in Joint Pain


(8) ঠাণ্ডা দিনত কুহুমীয়া গৰম পানীৰে গা ধুলে তেজৰ সৰবৰাহ উন্নত হৈ গাঁঠি আৰু মাংসপেশীৰ বিষৰ পৰা সকাহ দিয়াব পাৰে৷

Hot Showers Are Bad For Skin, Say Dermatologists | Glamour UK


(৫) আপুনি যদি সদায় শৰীৰচৰ্চা কৰা লোক হয়, তেন্তে গাঁঠিৰ বিষ হৈ থকা সময়ছোৱাত বহু কঠিন ব্যায়াম নকৰিব৷

Morning Yoga Poses That Will Ease You Into Your Day | Shape


(৬) একেদৰে গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ আঁঠু, ভৰি, হাত আদি ভালকৈ ঢকা যোৱা গৰম কাপোৰ পৰিধান কৰক৷

Beautiful Young Woman Wearing Warm Winter Woollen Clothes Stock Photo - Download Image Now - iStock

LEAVE A REPLY

Please enter your comment!
Please enter your name here