শীতকালত শৰীৰ উষ্ণ ৰখাৰ টিপ্‌ছ

0
1826

সাধাৰণতে শীতকালত আমাৰ শৰীৰৰ উষ্ণতাৰ তুলনাত চৌপাশৰ পৰিৱেশৰ তাপমাত্ৰা কম থাকে৷ এনে শাৰীৰিক তাপমাত্ৰাৰ ফলত আমাৰ ঠাণ্ডা অনুভৱ হয়৷ সেয়ে শীতৰ প্ৰকোপত আমাৰ বাহ্যিক কাম-কাজত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে আমি কিছু পদ্ধতি খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়৷ যাতে আমাৰ শৰীৰটো শীতকালতো গৰম কৰি ৰখাত সহায়ক হয়৷ ইয়াৰ উপৰি শাৰীৰিক ব্যায়াম অতি আৱশ্যক৷ শীতকালত শৰীৰৰ তাপমান সমতুল ৰাখিবলৈ তলত দিয়া খাদ্যকেইবিধ খাওক–

(১) মৌ : শীতকালত মৌ খোৱাটো অত্যন্ত প্ৰয়োজনীয়৷ মৌত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেণ্ট থাকে; যিয়ে আমাৰ ইমিউনিটি বজাই ৰখাত সহায় কৰে৷ দেহত তাপ উৎপন্ন হোৱাত সহায় কৰে৷ ইয়াৰোপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
(২) তুলসী আৰু আদা : তুলসী আৰু আদা মিহলোৱা চাহ খাব লাগে৷ তুলসী আৰু আদাই শৰীৰৰ থাৰ্ম’জেনেছিছ প্ৰক্ৰিয়া বৃদ্ধি কৰে৷ আমাৰ হজমশক্তি বঢ়ায় লগতে তেজৰ চলাচল প্ৰক্ৰিয়া বঢ়াই তোলে৷ সেইবাবে শীতকালত তুলসী আৰু আদা দিয়া চাহকাপ নিয়মীয়াকৈ সেৱন কৰিব লাগে৷
(৩) গুৰ : প্ৰচুৰ পৰিমাণৰ আইৰন আৰু এনাৰ্জিৰ উৎস হ’ল গুৰ৷ গুৰে হজম শক্তি বৃদ্ধিতো সহায় কৰে৷ শীতৰ পৰা শৰীৰক সকাহ দিবলৈ গুৰ খাব লাগে৷
(৪) ঘিউ : প্ৰতিদিনে কম পৰিমাণে ঘিউ খালে তেজত ভাল কলেষ্টৰেল সৃষ্টি হয়৷ ইয়ে হাৰ্ট ভালে ৰখাত সহায় কৰে৷ ইয়াৰ উপৰি দৈহিক তাপমাত্ৰা বজাই ৰখা, হজম শক্তি বৃদ্ধি কৰা, দৃষ্টিশক্তি ভালে ৰখা, পেশীৰ দুৰ্বলতা নাশ কৰা, শৰীৰৰ পৰা বিষাক্ত টক্সিন বাহিৰ কৰি দিয়া আদি কাৰ্যবোৰ গুৰে সমাধা কৰে৷
(৫) ডালচেনি : প্ৰতিদিনে ডালচেনি খালে শৰীৰত মেটাবলিজম বাঢ়ে৷ মছলা হিচাপে বা গৰম পানীৰ সৈতেও ডালচেনি খাব পাৰি৷ ডালচেনিয়ে শৰীৰৰ উষ্ণতা বৃদ্ধিত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here