শীতকালত জাতিলাও খালে কি লাভ হয়? What are the benefits of taking bottle gourd in winter?

0
1612
জাতিলাও মূলতঃ গৰম কালৰ পাচলি৷ গৰমকালত জাতিলাও এবিধ পুষ্টিকৰ খাদ্য৷ জাতিলাও খালে পেট ঠাণ্ডা থাকে৷ গৰম কালৰ উপৰি শীতকালতো বজাৰত জাতিলাও পোৱা যায়৷ শীতত জাতিলাও খোৱা উচিতনে? কি লাভ হয় শীতকালৰ জাতিলাও খালে জানো আহক৷
Bottle Gourd Recipes: 5 delicious recipes that will make you fall in love with Bottle Gourd (Lauki)

(১) বহুতৰে শীতত পেটৰ নানাৰকমৰ সমস্যাই দেখা দিয়ে৷ কোষ্ঠকাঠিন্য, গেছৰ সমস্যা আদিত জাতিলাও খালে সুফল পোৱা যায়৷ নিয়মিতৰূপে জাতিলাও খালে পেটৰ বিভিন্ন সমস্যা কমি থাকে৷


(২) তেজত কলেষ্টৰেলৰ মাত্ৰা কমোৱাত জাতিলাও-এ কাৰ্যকৰী ভূমিকা লয়৷ যিসকলে কলেষ্টৰেলৰ সমস্যাত ভুগিছে, তেওঁলোকে শীতকালত জাতিলাও খাব পাৰে৷


(৩) ডায়েবেটিছ ৰোগীয়ে গোটেই বছৰ খাদ্য-তালিকাত জাতিলাও অন্তৰ্ভুক্ত কৰক৷


(8) শীতকালত যিহেতু শৰীৰচৰ্চা কমকৈ কৰা হয়৷ গতিকে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ শীতকালত নিয়মিতভাৱে জাতিলাও খাব পাৰে৷ জাতিলাও-এ শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here