শীতকালত চুলি সৰা কেনেকৈ বন্ধ কৰিব

0
1445

শীতকালত চুলি সৰাটো এটা অন্যতম সমস্যা৷ ঠাণ্ডা বতাহে চুলিক ৰুক্ষ আৰু প্ৰাণহীন কৰি তোলে৷ শীতকালত ছালৰ লগতে চুলিৰ যতন লোৱাটো অপৰিহাৰ্য৷ এই সমস্যাৰ ফলত লাহে লাহে চুলি সৰাটো আৰম্ভ কৰে৷ আমি জানো আহক, চুলি মজবুত, উজ্জ্বল কৰিবৰ বাবে কি কৰা উচিত–

(১) সপ্তাহত এবাৰ গৰম পানীৰে নাৰিকল তেল বা বাদাম তেলেৰে মালিচ কৰিব লাগে৷ ইয়াৰ ফলত ৰক্ত সঞ্চালন ভাল হয়৷ আনহাতে চুলিৰ ৰুক্ষতা দূৰ হোৱাৰ লগতে চুলি সুস্থ-সবল হয়৷
(২) শীতকালত চুলি সুবিন্যস্ত বা পৰিপাটী কৰি ৰখাটো চুলি নসৰাৰ আটাইতকৈ এটা অন্যতম উপায়৷ ঠাণ্ডা বতাহে চুলিকোছাক ৰুক্ষ কৰি তোলে৷ এই সময়ত চুলিটাৰি পাৰিপাটীকৈ ৰাখিলে চুলি সৰা সমস্যাৰ পৰা মুক্তি পাব পাৰি৷
(৩) শীতকালত সদায় চুলি ধুলে চুলি আৰু ছালৰ মাজত থকা প্ৰাকৃতিক তৈল পদাৰ্থ শুকাই যায়৷ আদ্ৰৰ্তা অবিহনে চুলি নিষ্প্ৰাণ হ’বলৈ আৰম্ভ কৰে৷ ফলত ঘন চুলি বা জোঁট লগা চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ সপ্তাহত কমেও দুদিন চুলি ধুব লাগে৷
(৪) শীতকালত যিমান পাৰি চুলিকোছা ঢাকি ৰাখিব লাগে৷ নহ’লে চুলি ৰুক্ষ বা শুকান হৈ পৰে৷ খোপা মাৰি বা স্কাৰ্ফ ব্যৱহাৰ কৰি চুলি ঢাকি ৰাখিব পাৰি৷
(৫) শীতকালত গা ধুবলৈ বেছিভাগে গৰম পানী ব্যৱহাৰ কৰে৷ গাৰ লগতে চুলিতো বহুতে গৰম পানী ব্যৱহাৰ কৰে৷ চুলিত গৰম পানী লগোৱাটো উচিত নহয়৷ গৰম পানীয়ে চুলি নষ্ট কৰাৰ লগতে চুলি সৰাত সহায় কৰে৷ সেয়ে চুলি সদায় ঠাণ্ডা পানীৰেহে ধুব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here