শিশু প্ৰৰোচনাৰ বলি দিৱসৰ তাৎপৰ্য কি? International Day of Innocent Children Victims of Aggression

0
1708
প্ৰতিবছৰে ৪ জুন তাৰিখৰ দিনটোক "আন্তঃৰাষ্ট্ৰীয় নিৰ্দোষী শিশু প্ৰৰোচনাৰ বলি দিৱস" (International Day of Innocent Children Victims of Aggression) হিচাপে পালন কৰা হয়৷ অৰ্থাৎ সমগ্ৰ বিশ্বত হিংসা তথা প্ৰৰোচনাৰ বলি হোৱা নিষ্পাপ শিশুসকলৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়৷ সমগ্ৰ বিশ্বৰ হিংসাত্মক ক্ষেত্ৰখনত অতিকৈ প্ৰভাৱিত হয় শিশুসকল৷ নিজৰ সুৰক্ষা কৰাত অসমৰ্থ এই শিশুসকলে বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক চাপৰ বলি হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাও পৰিলক্ষিত হয়৷ সেয়েহে সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাই ৪ জুন তাৰিখৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় শিশু প্ৰৰোচনাৰ বলি দিৱস হিচাপে ঘোষণা কৰিছে৷ বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক চাপৰ বলি হোৱা শিশুসকলৰ বাবে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য৷ 

দৰাচলতে এই দিনটোৰ আৰম্ভ হৈছিল ১৯ আগষ্ট, ১৯৮২ চনত৷ যেতিয়া ইজৰাইলৰ হিংসাৰ বলি হৈছিল পেলেষ্টাইন আৰু লেবাননৰ শিশুসকল৷ আকৌ ১৯৮২ চনৰ ৪ জুন তাৰিখে ইজৰাইলৰ সৈতে হোৱা যুদ্ধত লেবাননৰ বহুতো নিষ্পাপ শিশুৰ মৃত্যু হৈছিল৷

ইয়াৰে কিছুমান আহত তথা নিজৰ ঘৰ হেৰুৱাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল৷ তেতিয়া পেলেষ্টাইনে সংযুক্ত ৰাষ্ট্ৰক এই ঘটনা সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছিল৷ তেতিয়া সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাই এই হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি শিশুসকলৰ অধিকাৰ তথা সুৰক্ষা মজবুত কৰাৰ বাবে ৪ জুন তাৰিখৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় নিৰ্দোষী শিশু প্ৰৰোচনাৰ বলি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

শিশুসকলৰ ওপৰত হোৱা প্ৰৰোচনা লাগিলে সেয়া বাহিৰতে হওক, বিদ্যালয়তে হওক নাইবা ঘৰতে হওক– শিশুসকলক সুৰক্ষা প্ৰদান কৰাটো সকলোৰে কৰ্তব্য৷ কিয়নো আজিৰ শিশু কাইলৈ আমাৰ দেশৰ নাগৰিক৷ সেয়েহে বিশ্বৰ এনে বহুতো শিশু, যিয়ে আনৰ প্ৰৰোচনাত পৰি বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে, নানা দুৰ্ভোগ ভুগি আহিছে৷ আজিৰ এই শুভ দিনটোত সেইসকল শিশু, যিয়ে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে– তেওঁলোকলৈ সহমৰ্মিতা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here