শিশুৰ বিকাশত বাধাস্বৰূপ কৃমি

0
1106


শিশুৰ পেটত কৃমিৰ বাস – এটা সাধাৰণ সমস্যা৷ এই সমস্যা সকলো শিশুৰ মাজতে দেখা যায়৷ যিকোনো বস্তুৰ লগতে অত্যধিক মিঠাই খোৱাৰ ফলত শিশুৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায়৷ নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰমেশ্যন চমুকৈ এন চি আই বিৰ মতে প্ৰায় ৮০০-৯০০ মিলিয়ন শিশুৰ ক্ষেত্ৰত পেটত কৃমিৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়৷ এনে সমস্যা থকা শিশুসকলৰ ক্ষেত্ৰত এনিমিয়া, অলপতে ভাগৰ লগা আৰু শিকন প্ৰক্ৰিয়াতো বাধা আহি পৰে৷কৃমিয়ে শৰীৰৰ ভিতৰৰ প্ৰয়োজনীয় পোষকতত্ত্বসমূহ খাই পেলায়, যাৰ প্ৰভাৱ শিশুৰ বিকাশত পৰে৷ ইয়াৰ ফলত শিশুৰ মগজুৰ কাৰ্যক্ষমতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰা দেখা যায়৷সেই কাৰণে সময় থাকোঁতে আপুনি শিশুটিৰ খাদ্যাভ্যাস পৰিৱৰ্তন কৰি কৃমিৰ পৰা বচাই ৰাখক৷ কৃমিৰ পৰা বচাবলৈ কিছু সুষম খাদ্য আপোনাৰ শিশুৰ খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে৷

De-worm your child's stomach with these easy steps - Lifestyle News

(১) নহৰুৱে শৰীৰত উপস্থিত থকা বেক্টেৰিয়া, পৰজীৱী ধবংস কৰাত আগভাগ লয়৷ ইয়াত থকা allicin আৰু ajoene  নামৰ তত্ত্বই বেক্টেৰিয়া সৃষ্টি কৰিব পৰা Amoeba ধবংস কৰে৷ নহৰুৰ নিয়মিত সেৱনে শৰীৰৰ ভিতৰভাগ চাফা কৰি ৰখাৰ লগতে কৃমিৰ ফলত হ’ব পৰা অক্সিডেশ্যনৰ সম্ভাৱনা কম কৰে৷

Herb Lesson - Garlic - No Greater Joy Ministries


(২) নিমপাতত এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ ৰাতিপুৱা খালী পেটত নিমৰ পাত কেইটামান আপোনাৰ শিশুটিত চোবাবলৈ দিয়ক৷ ইয়াৰ ফলত পাচন প্ৰক্ৰিয়া সুস্থ হোৱাৰ লগতে পেটত জমা হোৱা বেক্টেৰিয়া ধবংস হ’ব৷

6 Amazing Benefits of Chewing Neem Regularly - NDTV Food


(৩) ৰঙা লাউৰ গুটিত থকা কাৰ্কিউবিটিন নামৰ উপাদানে পৰজীৱী নষ্ট কৰিব পাৰে৷

Pumpkin Seed Shape Mats - Fantastic Fun & Learning


(৪) লঙে কৃমিৰ কণী নষ্ট কৰাত সহায় কৰে৷ ইয়াত থকা ইউজেনল নামৰ উপাদানে মেলেৰিয়া, টিবি, কলেৰাৰ বেক্টেৰিয়া ধবংস কৰাত সহায় কৰে৷

Dry Cloves in Lucknow, सूखी लौंग, लखनऊ, Uttar Pradesh | Dry Cloves, Dried Cloves Price in Lucknow

LEAVE A REPLY

Please enter your comment!
Please enter your name here