শিশুৰ ক্ষেত্ৰত কেন্দ্ৰই কিধৰণৰ নিৰ্দেশ দিছে?

0
2072

কৰ’নাৰ দ্বিতীয়টো ঢৌত দেশত শেহতীয়াকৈ দহ বছৰৰ তলৰ শিশুৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যক অনাগত দিনত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ প্ৰতি সৰ্তক হৈ থকাৰ বাবে নিৰ্দেশ দিছে৷ বিশেষকৈ যোৱা এটা পষেকত দেশত কৰ’নাত শিশু আক্ৰান্ত হোৱাৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰ্যালয়ে শিশুসকল যাতে ঘৰৰ পৰা বাহিৰলৈ নোলায়– সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এটা সূত্ৰৰ মতে, চহৰ অঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত কৰ’নাত অধিক শিশু আক্ৰান্ত হৈছে৷ অসমত যিহেতু শেহতীয়াকৈ গ্ৰামাঞ্চলত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে, সেয়েহে অনাগত দিনত ৰাজ্যখনত কৰ’নাত শিশু আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক প্ৰবল হৈ পৰিছে৷ বিশেষকৈ চাহ বাগিচাসমূহৰ শিশু কৰ’নাত অধিক আক্ৰান্ত হোৱাৰ শংকা কৰিছে কেন্দ্ৰই৷ ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেহতীয়াকৈ দহ বছৰৰ তলৰ দুটি শিশুৰ মৃত্যুও ঘটিছে৷ অৱশ্যে অসমত দ্বিতীয়টো ঢৌত কিমান শিশু এতিয়ালৈকে আক্ৰান্ত হৈছে তাৰ নিশ্চিত তথ্য নাই যদিও ৰাজ্যখনত লাহে লাহে কৰ’নাত শিশুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ইফালে ৰাজস্থান, কৰ্ণাটক আৰু উত্তৰাখণ্ডত ইতিমধ্যে কৰ’নাত বহুসংখ্যক শিশু আক্ৰান্ত হৈছে৷ উত্তৰাখণ্ডত ১ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত ৯ বছৰৰ তলৰ বয়সৰ ২,০৪৪টা শিশু কৰ’নাত আক্ৰান্ত হৈছে৷ একেদৰে যোৱা এটা সপ্তাহতে ৰাজস্থানৰ মাত্ৰ দুখন জিলাতে ছয় শতাধিক শিশু কৰ’নাত আক্ৰান্ত হৈছে৷ সেইদৰে কৰ্ণাটকত যোৱা দুটা মাহত ন বছৰৰ তলৰ প্ৰায় ৪০ হাজাৰ শিশুৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে৷ ইয়াৰে ভিতৰত অধিকসংখ্যক শিশুৱেই আক্ৰান্ত হৈছে যোৱা পষেকত৷ যাৰ বাবে এতিয়া অধিক উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এখন উচ্ছ পৰ্যায়ৰ বৈঠকৰ পাছতেই অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে সতৰ্ক কৰি দিয়া কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here