শক্তি যোগান ধৰোঁতা Coconut Lemon Drink : কেনেকৈ তৈয়াৰ কৰিব?

0
2322

গৰমৰ দিন প্ৰায় সমাগত৷ ঠাণ্ডা দিনৰ তুলনাত গৰমৰ দিনত আমাৰ অধিক পিয়াহ লাগে আৰু পিয়াহ গুচাবলৈ আমি সকলোৱে অনৱৰতে ঠাণ্ডা পানীয় সেৱন কৰিব বিচাৰোঁ৷ সেয়া লাগিলে পানীয়েই হওক বা বজাৰত উপলব্ধ ছফ্‌ট ড্ৰিংক্‌ছ৷ কিন্তু দোকানত বহুদিনলৈ পৰি থকা ছফ্‌ট ড্ৰিংক্‌ছসমূহ কিছু ক্ষেত্ৰত আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয়৷ সেয়েহে গৰমৰ দিনকেইটাত বজাৰত উপলব্ধ অস্বাস্থ্যকৰ পানীয়সমূহ সেৱন কৰাতকৈ ঘৰতে আপুনি অতি সহজতে স্বাস্থ্যসন্মত পানীয়, জুচ আদি প্ৰস্তুত কৰি ল’ব পাৰে৷ তেনে এবিধ সহজতে পোৱা পানীয় হৈছে Coconut Lemon Drink

নাৰিকলৰ পানী আৰু নেমুৰে তৈয়াৰী এই পানীয়বিধ সোৱাদযুক্ত হোৱাৰ লগতে আপোনাৰ শৰীৰটোকো হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷

কেনেকৈ Coconut lemon drink তৈয়াৰ কৰিব-

একাপ নাৰিকলৰ পানীৰ লগত আধা চামুচ আদাৰ ৰস মিশ্ৰণ কৰি লওক৷ এতিয়া এটা নেমুৰ ৰস চেপি দুই চামুচ চেনিও নাৰিকলৰ পানীৰ লগত মিহলাই দিয়ক৷ চেনিৰ পৰিৱৰ্তে আপুনি মৌও ব্যৱহাৰ কৰিব পাৰে৷ এতিয়া মিশ্ৰণটো ভালদৰে ঘুটি লৈ তাত জালুকৰ গুৰি আৰু বৰফৰ টুকুৰা কেইটামান দি পৰিৱেশন কৰক৷
এনেধৰণে ঘৰতে প্ৰস্তুত কৰা পানীয় স্বাস্থ্যসন্মত হোৱাৰ লগতে শৰীৰক শক্তি যোগান ধৰাতো অৰিহণা যোগায়৷ বিশেষজ্ঞৰ মতে জ্বৰ, মূৰ ঘূৰণি, বমি ভাব, ডিহাইড্ৰেশ্যন হ’লে Coconut lemon drink সেৱন কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here