শক্তিধৰ ভাতৰ আৰু কি গুণ আছে জানেনে?

0
1695

আমাৰ প্ৰধান খাদ্য হ’ল ভাত৷ মূলতঃ ভাতে শৰীৰক শক্তিৰ যোগান ধৰাৰ লগতে আন বহুতো আনুষংগিক উপকাৰ সাধন কৰে৷ আমাৰ বহুতৰে এটা ভুল ধাৰণা হ’ল ভাত খালে শৰীৰৰ ওজন দ্ৰুতভাৱে বৃদ্ধি হয়৷ কিন্তু এইটো ধাৰণা একেবাৰে ভুল৷ ভাত কাৰ্বহাইড্ৰেটৰ উৎস হ’লেও ইয়াৰ পাঁচ গ্ৰাম প্ৰ’টিন থাকে, কিন্তু ইয়াত কোনো ফেট নাই৷ ভাত ভিটামিন-বি আৰু এণ্টিঅক্সিডেণ্টৰ ভাল উৎস৷ ভাতক ‘ফ্ৰী ফুড’ বোলা হয়৷ কাৰণ ইয়াত ছডিয়াম, কলেষ্টৰেল, গ্লুটেন আদি ক্ষতিকাৰক উপাদান নাথাকে৷ ভাতত ছেটুৰেটেড ফেট নাথাকে৷ বৰং কমপ্লেক্স কাৰ্বহাইড্ৰেট বা ষ্টাৰ্চ ইয়াত পোৱা যায়; যিয়ে শৰীৰৰ শক্তি যোগানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ভাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

(১) তেজত শৰ্কৰাৰ মাত্ৰা স্থিতিশীল ৰাখে:ভাত বা ভাতৰ মাৰত অত্যধিক মাত্ৰাত গ্লাইচেমিক ইনডেক্স পোৱা যায়৷ তৰকাৰীৰ লগত ৰুটিনমাফিক পৰিমাণে ভাত খালে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷
(২) ভাত শক্তি সৰবৰাহৰ উৎস:ভাত যিহেতু কাৰ্বহাইড্ৰেটৰ উৎস, সেয়ে ভাতে শৰীৰক শক্তি যোগান ধৰে৷ ভাত খালে শৰীৰৰ প্ৰয়োজনীয় শক্তি পাব পাৰি৷
(৩) হাৰ্ট সুস্থ ৰাখে:নিয়মিত নিৰ্দিষ্ট পৰিমাণে ভাত খালে হাৰ্ট ভালে ৰখাত সহায় কৰে৷ ভাতে তেজত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ফলত হৃদৰোগ বা ষ্ট্ৰ’কৰ সম্ভাৱনা কমাই ৰাখে৷
(৪) সহজে হজম হয়:ভাত সহজপাচ্য হোৱা হেতু খুব সহজতে হজম হয়৷ আমি খোৱা খাদ্যৰ ভিতৰত ভাত হজম হোৱাত অন্যতম৷ চাউলত থকা ফাইটিক এচিড নামৰ যৌগবিধে হজম হোৱাত সহায় কৰে৷
(৫) অন্ত্ৰৰ সুস্থতা বৰ্তাই ৰাখে:খাদ্য হিচাপে গ্ৰহণ কৰা ভাতত দ্ৰৱীভূত ফাইবাৰত বেটায়াৰেট নামৰ এক প্ৰতিৰোধী ষ্টাৰ্চ পোৱা যায়৷ এইবিধ উপাদানে অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ সেয়ে বেছিভাগে ডায়েৰিয়াৰ দৰে ৰোগ হ’লে সিদ্ধ ভাত খোৱাৰ পৰামৰ্শ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here