লিভাৰৰ অসুখৰ যতন কেনেকৈ ল’ব?

0
2540


লিভাৰ হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম৷ ই আমাৰ দেহত জমা হোৱা আৱৰ্জনা নিষ্কাশন কৰি তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰটোক সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিন্তু অত্যধিক মাদকদ্ৰব্য, ধূমপান সেৱন কৰিলে, খালী পেটত চাহ, কফি, অত্যধিক মছলাযুক্ত আহাৰ , অপৰিষ্কাৰ পানী, গাখীৰ গ্ৰহণ কৰিলে শৌচ খোলোচা নহ’লে লিভাৰৰ ৰোগ হ’ব পাৰে৷ ভোক নলগা, পেটত গেছ জমা হোৱা, টোপনি কম, ৰক্তহীনতা, পেট ফুলি উঠা, পেটত পানী জমা হোৱা, জ্বৰ, যকৃতৰ বিষ আদিবোৰ হৈছে লিভাৰৰ সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ৷


কিছুমান ঘৰুৱা বিধান মানি আমি লিভাৰৰ যতন ল’ব পাৰোঁ

(১) লিভাৰৰ সমস্যাৰ প্ৰধান উপায় হৈছে পানী৷ আমাৰ দেহত জমা হোৱা আৱৰ্জনা বাহিৰ কৰাত লিভাৰক পানীৰ প্ৰয়োজন হয়৷ গতিকে শৰীৰটোক হাইড্ৰেট কৰি ৰাখিলেহে লিভাৰটোক সুস্থ কৰি ৰাখিব পাৰি৷


(২) কেঁচা বা পকা অমিতা খাব লাগে৷


(৩) মূলাৰ পাতৰ ৰসত মৌ মিহলি কৰি খালেও উপকাৰ পোৱা যায়৷


(৪) কলডিল পাৰৰ মাংসৰ সৈতে ভাজি খালে লিভাৰৰ ৰোগ ভাল হয়৷


(৫) তুলসীৰ পাত পানীত সিজাই তাক চেকি ৰসখিনি খালেও যকৃতৰ বিভিন্ন সমস্যা নিৰাময় হয়৷
(৬) গাজৰৰ ৰসত মৌজোল মিহলাই খালেও সুফল পোৱা যায়৷


(৭) ছালকুঁৱৰীৰ পাতৰ ৰস খালে লিভাৰৰ সমস্যা দূৰ হয়৷


(৮) লিভাৰটো সুস্থ কৰি ৰখাত আমলখিও অন্যতম৷


(৯) এণ্টিছেপটিক আৰু এণ্টিঅক্সিডেণ্টযুক্ত হালধি লিভাৰৰ বিভিন্ন সমস্যা নিৰাময়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে হালধিৰ গুৰি গাখীৰত মিহলাই খাব লাগে নাইবা কেঁচা হালধিৰ ৰসো খাব পাৰে৷


(১০) সদায় পুৱা একাপকৈ গ্ৰীন টী নাইবা প্ৰতিদিনে এগিচালকৈ তিতা কেৰেলাৰ ৰস সেৱন কৰিলেও ফেটি লিভাৰৰ সমস্যা দূৰ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here