লাহৰীঘাটত উদ্বেগজনক ঘটনা পিতৃয়ে পুত্ৰক বেচিলে ৪০ হাজাৰ টকাত

0
663
এখন ড্ৰাগ্‌ছমুক্ত অসম গঢ়ি তোলাৰ সংকল্পৰে সমগ্ৰ অসমত ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা ৬ আগষ্টত পোহৰলৈ আহিল এক ভয়ংকৰ ঘটনা৷ ড্ৰাগ্‌ছ ব্যৱসায় কৰাৰ সমান্তৰালকৈ ড্ৰাগ্‌ছ সেৱনৰ বাবেই লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়ালবড়ি গাঁৱৰ ড্ৰাগ্‌ছ আসক্ত পিতৃ আমিনুল হকে ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক৷ লাহৰীঘাট আৰক্ষীয়ে কণমানিটোৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আমিনুল হকক আটক কৰাৰ লগতে গৰৈমাৰী লাহৰীপাম গাঁৱৰ পৰা বিক্ৰী কৰা শিশুটোক উদ্ধাৰ কৰাৰ লগতে শিশুটি ক্ৰয় কৰা চাজিদা খাতুন নামৰ মহিলাগৰাকীকো আটক কৰে৷ পাছত আৰক্ষীয়ে এজাহাৰকাৰী  মাতৃ ৰুকমিনা বেগমৰ হাতত শিশুটি গতাই দিয়ে৷ শিশুটিৰ মাতৃ ৰুকমিনা বেগমৰ ভাষ্য মতে, আমিনুল এজন ড্ৰাগ্‌ছ আসক্ত৷ তদুপৰি আমিনুলে দাতিয়ালবড়ি গৃহৰ পৰা ড্ৰাগ্‌ছ সৰবৰাহ কৰে৷ এই কাৰ্যত পত্নী ৰুকমিনা বেগমে সদায় স্বামীক বাধা প্ৰদান কৰি আহিছিল বাবেই সঘনে সংঘাত হৈছিল স্বামী-স্ত্ৰীৰ মাজত৷ আমিনুলৰ সৈতে সংঘাত তুংগত হৈ পৰাত ৰুকমিনা বেগম আজিৰ পৰা কিছু দিনৰ আগত পিতৃৰ গৃহলৈ গুচি গৈছিল৷ ইফালে আজিৰ পৰা তিনি-চাৰি দিন আগত পুনৰ আমিনুলে আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানটোক নিজৰ ঘৰলৈ আনিব বিচাৰি পত্নী ৰুকমিনাক আমনি কৰে৷ ৰুকমিনাই সন্তানটো কিয় লাগে বুলি সোধাত ল’ৰাটোৰ নামত আধাৰ কাৰ্ড বনাব লাগে বুলি কোৱাত তিনি দিনৰ আগত শিশুটি পঠিয়াই দিয়ে৷ তিনি দিনৰ দিনাও শিশুটি ওভতাই নিদিয়াত মাতৃ ৰুকমিনাৰ সন্দেহ হয় আৰু সন্দেহবশতঃ আজি আমিনুলৰ ঘৰলৈ শিশুটি বিচাৰি আহে৷ কিন্তু ৰুকমিনাই নাপাই অঞ্চলটোত বিচাৰ-খোঁচাৰ কৰি অৱশেষত গৰৈমাৰীৰ লাহৰীপাম গাঁৱৰ চাজিদা খাতুন নামৰ মহিলা এগৰাকীক আমিনুলে শিশুটি দিয়া বুলি তথ্য লাভ কৰি চাজিদা খাতুনৰ ঘৰত উপস্থিত হয়৷ তেতিয়া চাজিদাই ৰুকমিনাক কয় যে আমিনুলে ৪০ হাজাৰ টকাৰ বিনিময়ত শিশুটি তেওঁক দিছে৷  পাছত ৰুকমিনাই লাহৰীঘাট থানাত আমিনুল হক, চাজিদা বেগম আৰু আমিনা খাতুন নামৰ মহিলা এগৰাকীৰ বিৰুদ্ধে  এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত চাজিদা খাতুনৰ ঘৰৰ পৰা আৰক্ষীয়ে শিশুটি উদ্ধাৰ কৰে৷ লাহৰীঘাট আৰক্ষীয়ে আটক কৰিছে শিশুটিৰ পিতৃ আমিনুল হক আৰু চাজিদা খাতুনক৷ ৰুকমিনা বেগমে কৰা অন্য এক অভিযোগ মতে, আমিনুল নিজেই ড্ৰাগ্‌ছ আসক্ত তদুপৰি ড্ৰাগ্‌ছ সৰবৰাহো কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here