লক্ষ্য : ডেংগু প্ৰতিৰোধ ৯ ৰাজ্যলৈ কেন্দ্ৰীয় দল প্ৰেৰণ (Curbing dengue: Centre dispatches teams to nine states)

0
796
ডেংগু ৰোগী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণত সহায় কৰিবলৈ তথা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দেশৰ ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ কৰিছে৷ চৰকাৰে এক বিবৃতিত এই কথা জনায়৷ এই উচ্চ পৰ্যায়ৰ দল নিযুক্ত কৰা হৈছে হাৰিয়ানা, কেৰালা, পঞ্জাব, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, নতুন দিল্লী আৰু জম্মু-কাশ্মীৰলৈ৷ নতুন দিল্লীত ডেংগুৰ এখন পৰ্যালোচনা সভাত স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই দিয়া নিৰ্দেশ অনুসৰি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে বিবৃতিত জনাইছে৷ চৰকাৰী তথ্য মতে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ১,১৬,৯৯১জন লোক ডেংগুৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ৷ মুঠ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই বছৰ ডেংগু ৰোগী আটাইতকৈ বেছি হৈছে ৷ ৩১ অক্টোবৰলৈকে এই ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দেশৰ মুঠ ডেংগু ৰোগী আছিল ৮৬ শতাংশ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here