যোৱা ফেব্ৰুৱাৰীত অভূতপূৰ্বভাৱে আইচক্ৰীমৰ বিক্ৰীৰ হাৰ বৃদ্ধি– কিয়?

0
1590

যোৱা বছৰত কৰ’না মহামাৰীৰ সংহাৰী ৰূপে বহুতো ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি পেলায়৷ তাৰ ভিতৰত আইচক্ৰীম বা বৰফৰ উদ্যোগো অন্যতম৷ বিগত বৰ্ষত আইচক্ৰীম তৈয়াৰ কৰা কোম্পানীসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল৷ কিন্তু বৰ্তমান কৰ’না মহামাৰীৰ সন্ত্ৰাস কিছু শাম কটাৰ বাবে আইচক্ৰীমৰ কোম্পানীসমূহে পুনৰ নতুন উদ্যমেৰে কামত মনোনিৱেশ কৰা দেখা হৈছে৷ যিহেতু শীতকাল পাৰ হৈ গ্ৰীষ্মকাল আৰম্ভহে হৈছে৷ গৰমৰ প্ৰকোপ ক্ৰমান্বয়ে বঢ়াৰ লগে লগে আইচক্ৰীমৰ চাহিদাও বৃদ্ধি পাব৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগতে তাপমাত্ৰা ঊধবৰ্গামী হ’বলৈ ধৰাত আমূল, ডেইৰী, হিন্দুস্তান ইউনিলিভাৰ লিমিটিড, ৱডীলাল আৰু মাদাৰ ডেইৰীৰ দৰে প্ৰতিষ্ঠানসমূহৰ আইচক্ৰীম বিক্ৰী অভূতপূৰ্ব হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০১৯ চনৰ তুলনাত যোৱা ফেব্ৰুৱাৰীত আইচক্ৰীমৰ বিক্ৰী ৩০৪০ শতাংশ বৃদ্ধি পায়৷  গ্ৰীষ্মৰ আৰম্ভণিতে এনেধৰণৰ বিক্ৰীৰ হাৰে উক্ত প্ৰতিষ্ঠানসমূহৰ গোটেই বছৰটোত এশ শতাংশলৈ বিক্ৰীৰ হাৰ কৰাৰ প্ৰস্তুতি চলাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here