যমৰ দুৱাৰৰ পৰা ঘূৰি আহিল এজন মৃত লোক

0
1652

যমৰ দুৱাৰৰ পৰা ঘূৰি আহিল এজন মৃত লোক৷ আচৰিত যেন লাগিলেও এয়া এক সত্য ঘটনা৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মহালিংগপুৰত৷ মটৰ চাইকেলেৰে দুৰ্ঘটনাগ্ৰস্ত হৈ শংকৰ গম্বি নামৰ ২৭ বছৰীয়া যুৱকজনক অতি শোচনীয় অৱস্থাত কৰ্ণাটকৰ মহালিংগপুৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত চিকিৎসকে যুৱকজনক মূৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইয়াৰ  পাছতে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰিয়ালৰ লোকে ওচৰৰে চৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰে৷ কিন্তু আচৰিত ঘটনা তেতিয়াহে ঘটিল, যেতিয়া মৃত যুৱকজন জীৱিত আছে বুলি পৰিয়ালৰ লোকক চিকিৎসকে জনায়
 
পৰিয়ালৰ লোকে স্থানীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰাৰ আগে আগে যুৱকজনৰ শৰীৰ লৰচৰ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে খবৰ দিয়ে হাস্পাতালখনৰ কৰ্মকৰ্তাসকলক৷ ততাতৈয়াকৈ কৰ্মকৰ্তাসকলে যুৱকজনক মৰণোত্তৰ পৰীক্ষা গৃহৰ পৰা আনি উন্নত চিকিৎসাৰ বাবে অন্য ৱাৰ্ডলৈ প্ৰেৰণ কৰে৷ চৰকাৰী হাস্পাতালখনৰ চিকিৎসকৰ মতে, ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসকৰ গাফিলতিৰ বাবে এনে এটা আশ্চৰ্যকৰ ঘটনা ঘটিবলৈ পালে বুলি জনায়৷ উল্লেখ্য যে শংকৰ গম্বিৰ পৰিয়ালৰ লোকে ইতিমধ্যে ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here