বিজ্ঞানৰ চমৎকাৰিতা : ৰবটৰ সহায়ত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ

0
948

যন্ত্ৰ ব্যৱহাৰৰ ফলত ৰোগীৰ ৰক্তক্ষৰণ কম হোৱাৰ লগতে সংক্ৰমণৰ সম্ভাৱনা কম থাকে

এপ’ল প্ৰ’টন কেঞ্চাৰ চেণ্টাৰে পোন প্ৰথমবাৰৰ বাবে ৰবটৰ সহায়ত ক’লন কেঞ্চাৰত আক্ৰান্ত এগৰাকী ৪০ বছৰীয়া ৰোগীৰ ছাৰ্জাৰী সম্পন্ন কৰে৷ ৰোগীগৰাকীৰ অপাৰেশ্যনৰ পাছত কোনো অসুবিধা নথকা হেতুকে ৪৮ ঘণ্টাৰ পাছতে হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় বুলি ইয়াৰ জ্যেষ্ঠ তথা আগশাৰীৰ গেষ্ট্ৰ’ইনটেষ্টাইনেল অংক’লজি ছাৰ্জন ডাঃ অজিত পাইয়ে জানিবলৈ দিয়ে৷ ডাঃ পাইয়ে মন্তব্য কৰে যে ‘উচ্ছ মানদণ্ডৰ ৰবটিক প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ হোৱা মেচিন– দ্য ভিন্সি ছাৰ্জিকেল ছিষ্টেম নামৰ যন্ত্ৰত ছাৰ্জনৰ লগতে থকা ৩ ডি ইমেজৰ সহায়ত ইয়াক কাৰ্যক্ষম কৰি তোলা হয়, যিটো সাধাৰণতে মানুহৰ দ্বাৰা ঢুকি পোৱা সম্ভৱ নহয়৷ চতুৰ্থ জেনেৰেশ্যন ৰবটিক ছিষ্টেমৰ এই আহিলাসমূহ জটিল অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা হয়৷ লিভাৰ, পেনক্ৰিয়েচৰ দৰে শৰীৰৰ সূক্ষ্ম অংগসমূহত হোৱা কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত ই সুফলদায়ক৷ এই যন্ত্ৰই ছাৰ্জনসকলক স্নায়ু, সিৰা আদিৰ দৰে চকুৰে মণিব নোৱৰা অংগসমূহ প্ৰত্যক্ষ কৰাত সহায় কৰে৷ ছাৰ্জনজনে ইয়াক ৰিম’টৰ সহায়ত নিয়ন্ত্ৰণ কৰে যদিও তেওঁ অপাৰেশ্যনৰ দহ গুণ ডাঙৰ প্ৰতিচ্ছবি দেখা পাবলৈ সক্ষম হয়৷ ছাৰ্জনজনে এটা নিৰ্দিষ্ট স্থানত বহি যন্ত্ৰসমূহ সুবিধা মতে ব্যৱহাৰ কৰিব পাৰে, যিটো মানুহে হাতেৰে কৰাতকৈ বেছি সুবিধাজনক৷ যন্ত্ৰ ব্যৱহাৰৰ ফলত ৰোগীৰ ৰক্তক্ষৰণ কম হোৱাৰ লগতে সংক্ৰমণৰ সম্ভাৱনা কম থাকে আৰু ৰোগী সোনকালে সুস্থ হৈ উঠে৷ এই প্ৰক্ৰিয়া অতি সুবিধাজনক হোৱা হেতুকে ছাৰ্জনসকলে এনে ৰেডিকেল বা কট্টৰপন্থী ছাৰ্জাৰীকে প্ৰাধান্য দিয়ে৷ এই ব্যৱস্থাত ৰোগীৰ সুস্থ অংগসমূহৰ কোনো ক্ষতি নহয় আৰু সোনকালে আৰোগ্য লাভ কৰে৷ তেওঁ লগতে কয় যে পেলভিক কেঞ্চাৰ ছাৰ্জাৰীৰ ক্ষেত্ৰত মলত্যাগ প্ৰক্ৰিয়া আৰু জনন অংগসমূহ অতি সোনকালে সাধাৰণ অৱস্থালৈ ঘূৰি আহে৷ উল্লেখ্য যে এপ’ল হস্পিটেল গ্ৰুপে এই ছাৰ্জাৰী সুকলমে সম্পন্ন হোৱাৰ কথা কোৱাৰ লগতে এই সুবিধাসমূহ ব্যয়বহুল নহয় বুলিও হস্পিটেল কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here