যদি এনেবোৰ সমস্যা আছে ভুলতো বাদাম নাখাব?

0
1672

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে স্বাস্থ্যকৰ নহয়৷ বিশেষকৈ, কিছুমান সমস্যাৰ কাৰণে বাদাম খোৱা উচিত নহয়৷
(১) যিসকলৰ হজম শক্তিৰ সমস্যা আছে, সেইসকল লোকে সীমিত মাত্ৰাত বাদাম খাব লাগে৷ মানৱ শৰীৰৰ প্ৰতিদিনে ২৫-৪০ গ্ৰাম ফাইবাৰৰ প্ৰয়োজন হয়৷ আপুনি যদি প্ৰতিদিনে ৩-৪ গ্ৰাম বাদাম খায়, ইয়ে আপোনাৰ দেহত ফাইবাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰে৷
(২) প্ৰচুৰ পৰিমাণে বাদাম খালে পেটৰ সমস্যা যেনে– পেট ফুলা, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷
(৩) যদি কোনো ৰোগৰ ঔষধ খাই আছে, তেতিয়া বাদাম খোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ দিব লাগে৷ বাদামত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে৷ যদি নিৰ্দিষ্ট পৰিমাণতকৈ অধিক বাদাম খায়, তেন্তে আপোনাৰ দেহত ঔষধৰ প্ৰভাৱৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে৷
(৪) যদি আপুনি প্ৰতিদিনে একমুঠি বাদাম খায়, আপোনাৰ দেহত ৫০০ কেলৰিৰ বেছি ৪০-৫০ গ্ৰাম ফেট উৎপন্ন কৰিব পাৰে৷ সেয়ে ওজন কমাবলৈ সীমিত পৰিমাণে বাদাম খাব লাগে৷
(৫) আপুনি যদি সাধাৰণ জীৱনযাত্ৰা অনুসৰণ কৰি থাকে, তেন্তে দৈনিক ৩-৪ গ্ৰাম বাদাম খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here