যকৃত ( Liver ) : শৰীৰৰ এটা অপৰিহাৰ্য অংগ

0
2611

আমি সুস্থ-সবল হৈ থাকিবলৈ শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া সুচল হৈ থকাটো জৰুৰী৷ বাহ্যিক অংগবোৰৰ তুলনাত শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ ভূমিকা উল্লেখনীয়৷ এনে এটা অপৰিহাৰ্য আভ্যন্তৰীণ অংগ হৈছে যকৃত (Liver )৷ যকৃতেই হৈছে মানৱদেহৰ বৃহত্তম গ্ৰন্থি৷ ই পেটৰ সোঁফালে অৱস্থিত৷ ইয়াৰ ওজন প্ৰায় ১.৩৬ কিলোগ্ৰামৰ পৰা ১.৫৮ কিলোগ্ৰাম৷ যকৃতে মানৱ শৰীৰত এশ শতাংশ কাৰ্য সম্পাদন কৰে৷ ই দেখিবলৈ ৰঙচুৱা-মুগা বৰণৰ৷ যকৃতে পিত্তৰস নিঃসৰণ কৰে৷ যকৃতে আমাৰ খাদ্যবস্তু হজম কৰাত সহায় কৰে৷ ই উৎপন্ন কৰা ৰসবোৰক এনজাইম বুলি জনা যায় আৰু প্ৰায় এহেজাৰ বিভিন্ন প্ৰকাৰৰ এনজাইমে শৰীৰত নিজস্বভাৱে কাৰ্য সম্পাদন কৰে৷ যদিহে যকৃতৰ বিভিন্ন কাৰ্যবোৰৰ ভিতৰত কোনো এবিধ কাৰ্যৰ অকণমানো খেলিমেলি হয়, তেন্তে মানৱ শৰীৰ ভয়ানক সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ যকৃতে উৎপন্ন কৰা ফেব্ৰিন’জেন আৰু প্ৰোথ্ৰোমবিন এনজাইমে আমাৰ দেহত হোৱা ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে৷ হজম ক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় পাচক ৰস যকৃতে তৈয়াৰ কৰে, যাক পিত্তৰস বুলি জনা যায়৷ আমাৰ দেহৰ পিত্তস্থলীত এই পিত্তৰস জমা হৈ থাকে৷ তদুপৰি শৰ্কৰাজাতীয় উপাদান, ভিটামিন, আইৰন, স্নেহ পদাৰ্থ আদি যকৃতে সঞ্চয় কৰি ৰাখিব পাৰে৷ যেতিয়াই শৰীৰত ইয়াৰ প্ৰয়োজন হয়, যকৃতে ততালিকে উপাদানবোৰৰ আদান-প্ৰদান কৰে৷ যকৃতটো সুস্থ কৰি ৰাখিবলৈ আমি কিছুমান খাদ্য গ্ৰহণ কৰাটো অতিকে জৰুৰী৷ যেনে– কফি, নহৰু, সেউজীয়া শাক-পাচলি, চাহ, মাছ, ওডছজাতীয় খাদ্য ইত্যাদি৷ আনহাতে অতিমাত্ৰা মদ্যপানে যকৃতৰ যথেষ্ট ক্ষতিসাধন কৰে৷ তাৰ বাহিৰে ভজা-পোৰা, অত্যধিক শৰ্কৰাযুক্ত খাদ্য, নিমখ, ৰেড মিট আদি যকৃতৰ বাবে হানিকাৰক৷ মানৱ দেহত যকৃতৰ ক্ষেত্ৰত দেখা দিয়া ৰোগসমূহ হ’ল– জণ্ডিচ, ফেটি লিভাৰ, চিৰোচিছ, হেপাটাইটিছ-বি আদি।

আহক, শৰীৰৰ এই অত্যন্ত প্ৰয়োজনীয় গ্ৰন্থি যকৃতটোক সুস্থ-সবল কৰি ৰাখিবলৈ প্ৰয়োজনীয় খাদ্যবোৰ গ্ৰহণ কৰাত আমি মনোযোগ দিওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here