মৰ্মান্তিক: কৰ’নাই নিঠৰুৱা কৰিলে ৯,৩৪৬টি শিশুক

0
1314

কাল কৰ’নাই সমগ্ৰ দেশৰ অৱস্থা মৃত্যুগহবৰত পৰিণত কৰিছে৷ কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাই সকলোকে চিন্তান্বিত কৰিছে৷ কেইদিনমান আগতে দেশত কভিড আক্ৰান্ত হৈ মৃত্যুৰ হাৰ ইমানেই বৃদ্ধি পাইছিল যে মৃতকৰ সৎকাৰৰ বাবে শ্মশানৰ অভাৱ হৈছিল৷ আনহাতে কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে দেশৰ ৯৩৪৬টি শিশুক নিঠৰুৱা কৰিলে৷ যোৱা ১ জুনত উচ্ছতম ন্যায়ালয়ত এই মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনাৰ তথ্য দাখিল কৰিছে নেশ্যনেল কমিছন ফৰ প্ৰটেক্‌শ্যন চাইল্ড ৰাইট্‌ছে৷ এনেদৰে পিতৃ-মাতৃ হেৰুৰাই অনাথ হোৱা শিশুসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৬ দফীয়া আঁচনি গ্ৰহণ কৰাৰ বাবে এন চি পি চি আৰ-এ উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰে৷ এই আচনিৰ জৰিয়তে অনাথ শিশুসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে নিশ্চিতি বিচাৰে৷ এই নিঠৰুৱা শিশুসকলক ‘বাল স্বৰাজ’ নামৰ এটা প’ৰ্টেলত নথিভুক্ত কৰা হৈছে৷ এই প’ৰ্টেলত দেশৰ ৯৩৪৬ টি পিতৃ-মাতুহীন শিশুক অন্তৰ্ভুক্ত কৰা হৈছে৷ এই প’ৰ্টেলৰ জৰিয়তে এনে শিশুসকলক কেন্দ্ৰীয় প্ৰকল্পৰ সুযোগ-সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ন্যায়ালয়ক শিশু সুৰক্ষা আয়োগে জনায়৷ উল্লেখ্য যে কৰ’না সংক্ৰমণৰ ফলত ৯৩৪৬টি শিশুৰ ভিতৰত ১৭৪২টিয়ে পিতৃ-মাতৃ উভয়কে হেৰুৱাইছে৷ ৭৪৬৪ টিয়ে মাতৃক হেৰুৱাইছে৷ আনহাতে ১৪০টি শিশু কলশৰীয়া অৱস্থাত আছে৷ পিতৃ-মাতৃ হেৰুওৱা এই শিশুসকলৰ বয়স ১৭ বছৰৰ ভিতৰত৷ তিনি বছৰৰো কম বয়সৰ শিশুৰ সংখ্যা ৭৮৮টা৷ আনহাতে পিতৃ-মাতৃক হেৰুওৱা তিনি বছৰৰ কম বয়সৰ শিশুৰ সংখ্যা উত্তৰ প্ৰদেশত সৰ্বাধিক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here