ময়দা নে আটাৰ ৰুটী খোৱা ভাল? জানো আহক

0
1668

আটা বা ময়দাৰ পৰা প্ৰস্তুত হোৱা খাদ্যবস্তুবোৰ আমাৰ জীৱন-প্ৰণালীত অতিকে প্ৰয়োজন৷ বিভিন্ন মাংগলিক অনুষ্ঠান, সভা-সমিতি, বিয়া-বাৰু আদি সামাজিক কাৰ্যসূচীৰ লগতে ৰান্ধনীশালত লান্স, ডিনাৰ সকলোতে ময়দা বা আটাৰে তৈয়াৰী ৰুটী, বিস্কুট আদি খাদ্য সামগ্ৰীবোৰ অত্যাৱশ্যকীয়৷ কেতিয়াবা ময়দা, আন কেতিয়াবা আকৌ আটা খোৱা যায়৷ কিন্তু মূল কথাটো হ’ল কোনবিধ আমাৰ শৰীৰৰ বাবে উপকাৰী, বিপৰীতে কোনবিধ অপকাৰী জানো আহক–
(১) কম-বেছি আমি সকলোৱে জানো যে আটা ময়দাৰ তুলনাত ভাল৷ আটাৰ নিউট্ৰিশ্যন ভেলু বেছি হোৱা হেতু ময়দাতকৈ ভাল৷
(২) এনাৰ্জি যোগানত আটা উৎকৃষ্ট৷ আটাত ভিটামিন-বি, ভিটামিন-বি৫ থাকে বাবে যথেষ্ট শক্তি যোগান ধৰিব পাৰে৷
(৩) আটাই শৰীৰত নতুন ৰক্তকোষৰ জন্ম দিয়ে৷ আনহাতে ময়দাৰ ভিটামিন খুব সোনকালে নষ্ট হৈ যায়৷
(৪) ময়দা খালে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যাব পাৰে, সেয়ে ডায়েবেটিছ ৰোগীৰ বাবে অপকাৰী৷
(৫) ময়দাই হাড়ৰ ক্ষয় ক্ষমতা বৃদ্ধি কৰে, আনহাতে আটাৰ ক্ষেত্ৰত দেখা নাযায়৷
(৬) আনহাতে ময়দা অতিমাত্ৰা এচিডিক হয় বাবে ময়দা নোখোৱাটো শ্ৰেয়৷
(৭) বাতৰ সমস্যা, আৰ্থাৰাইটিছৰ সমস্যা আদিত ময়দা নোখোৱাটোৱেই উত্তম৷ অৱশ্যে আটাৰ ৰুটী খালে শৰীৰ ঠিকে থকা দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here