মেটাবলিজম কেনেকৈ বৃদ্ধি কৰিব পাৰি?

0
1177

প্ৰ’টিনজাতীয় খাদ্যই মেটাবলিজমৰ পৰিমাণ ১৫–৩০ শতাংশ বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ উপৰি প্ৰ’টিনে বহু দেৰিলৈ পেট ভৰ্তি হৈ থকাত সহায় কৰে, যাৰ ফলত আপুনি বেছি খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব পাৰে৷

আমাৰ শৰীৰৰ ভিতৰত আমি খোৱা খাদ্যসমূহক এনাৰ্জিলৈ পৰিৱৰ্তন কৰাকে মেটাবলিজম বুলি কোৱা হয়৷ মানৱ শৰীৰক নিজৰ কাৰ্য সম্পাদন কৰিবলৈ, খাদ্য পচাবলৈ, ৰক্ত সঞ্চালন কৰিবলৈ, হৰমন সন্তুলনৰ দৰে অজস্ৰ কাম সমাধা কৰিবলৈ উচিত মাত্ৰাত এনাৰ্জিৰ প্ৰয়োজন হয়, যি খাদ্যৰ পৰা আহৰণ কৰা হয় আৰু মেটাবলিজমে এই খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰে৷ অৰ্থাৎ আমাৰ শৰীৰত যিমানে মেটাবলিজমৰ পৰিমাণ বৃদ্ধি হ’ব, সিমানে আমাৰ শৰীৰৰ কাৰণে উপকাৰী৷ নিউট্ৰিচনিষ্ট আৰু চিকিৎসকে ক’ব খোজে যে আমাৰ মেটাবলিজম, যিয়ে আমাৰ আমাৰ শৰীৰৰ কেলৰি বাৰ্ন কৰে, তাক মূল্যাংকন কৰাটো আমাৰ হাতত নাই৷ কিন্তু এনেকুৱা কিছুমান উপায় আছে, য’ত আমাৰ শৰীৰৰ শক্তি প্ৰয়োগ হয় আৰু মেটাবলিজম বৃদ্ধি হোৱাটো সহায়ক হয়৷ তাৰ ভিতৰত এটা হৈছে ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ৷

(১) বিশেষকৈ প্ৰ’টিনজাতীয় খাদ্যই আমাৰ মেটাবলিজম বৃদ্ধি কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ গৱেষণা কৰি পোৱা গৈছে যে প্ৰ’টিনজাতীয় খাদ্যসমূহে টি ই এফ বৃদ্ধি কৰে৷ টি ই এফ হৈছে আপোনাৰ শৰীৰক খাদ্য হজম হ’বলৈ কিমানখিনি কেলৰি প্ৰয়োজন হয়৷ উদাহৰণস্বৰূপে প্ৰ’টিনজাতীয় খাদ্যই মেটাবলিজমৰ পৰিমাণ ১৫–৩০ শতাংশ বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ উপৰি প্ৰ’টিনে বহু দেৰিলৈ পেট ভৰ্তি হৈ থকাত সহায় কৰে, যাৰ ফলত আপুনি বেছি খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব পাৰে৷

National Nutrition Month: 7 Protein-Rich Foods For A Vegetarian Diet - NDTV Food

(২) কফিত থকা কেফেইনে মেটাবলিজমৰ পৰিমাণ ১১ শতাংশ বৃদ্ধি কৰাত সহায় কৰে৷ ছয়টা বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে দৈনিক অন্ততঃ ২৭০ মিঃগ্ৰাঃ কেফেইন গ্ৰহণ কৰে, তেওঁলোকৰ দৈনিক অতিৰিক্ত ১০০ কেলৰি বাৰ্ন হয়৷

How to tap into the health benefits of coffee

(৩) কমলাত ৫০০ মিঃগ্ৰাঃ ভিটামিন-চি থাকে৷ যাৰ ফলত মেটাবলিজম বৃদ্ধি হৈ চৰ্বি নষ্ট হোৱাৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি হয়৷ আপুনি যদি নিজৰ ওজন নিয়ন্ত্ৰণক লৈ সচেতন তেন্তে কমেও ১২ সপ্তাহ কমলা খাওক আৰু সুফল লাভ কৰক৷

Orange | The nation press

(৪) মেটাবলিজম বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰেপফ্ৰুট অন্যতম৷ ইয়াত থকা গেলাক্টলনিক এচিডে শৰীৰৰ চৰ্বি নষ্ট কৰাত সহায় কৰে৷

What is grapefruit? Why is it healthy? – Food & Recipes

LEAVE A REPLY

Please enter your comment!
Please enter your name here