মেঘালয়ত আৱিষ্কাৰ নতুন প্ৰজাতিৰ বাদুলি

0
1902

মেঘালয়ত পোহৰ বিলোৱা কাঠফুলা আৱিষ্কাৰ হোৱাৰ কথা মাৰ নৌযাওঁতেই আকৌ মেঘালয়ত আৱিষ্কাৰ হ’ল এবিধ নতুন প্ৰজাতিৰ বাদুলি৷ মেঘালয়ৰ নংসিলেম বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাত আৱিষ্কাৰ হৈছে এই নতুন প্ৰজাতিৰ বাদুলিবিধ৷ কাঁহীৰ দৰে ঠেং আৰু কমলা ৰঙৰ এই বাদুলিবিধ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে পোৱা গৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে শ্বিলঙত কৰ্মৰত প্ৰাণীবিজ্ঞানী ড॰ উত্তম শইকীয়াৰ নেতৃত্বত এদল বিজ্ঞানীয়ে কৰা এটা অভিযানত আৱিষ্কাৰ হয় এই নতুন প্ৰজাতিৰ বাদুলিবিধ৷  European Natural History Museum ৰ কেইবাজনো বিজ্ঞানী এই দলটোত আছে বুলি ড॰ শইকীয়াই জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here