মুখৰ ক’লা দাগ/ব্যংগ ৰোগ/MELASMA

0
1912


মুখত ক’লা দাগ পৰা সমস্যাৰ সৈতে আমি সকলোৱে চিনাকি। বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা প্ৰায়ে দেখা যায়। আজি প্ৰায়ে সন্মুখীন হোৱা এইবিধ ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সাধাৰণতে পুৰুষ মহিলা সকলোৰে এই সমস্যা হয় যদিও মহিলাসকলৰ এই সমস্যা বেছি হোৱা দেখা যায়।বৰ গুৰুতৰ শাৰীৰিক ৰোগ বুলি গণ্য কৰা নহয় যদিও মানুহৰ ৰূপ সৌন্দৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বাবে ই এক মানসিক অশান্তিৰ কাৰক হৈ পৰে।

আমাৰ শৰীৰৰ ছালৰ ৰং কিছুমান অংশত স্বভাৱিকতকৈ যদি বেছি গাঢ় হৈ মুগা বা ক’লা পৰে তেতিয়াই এনে সমস্যাৰ সৃষ্টি হয় যাক হাইপাৰপিগমেন্টেচন(Hyperpigmentation) বুলি কোৱা হয়। আধুনিক ভাষাত মুখমণ্ডলত হলে ইয়াক মেলাজমা, melasma(ফেচিয়েল মেলানোছিছ-facial melanosis)আৰু আয়ুৰ্বেদত ব্যংগ ৰোগ বুলি কোৱা হৈছে। প্ৰায়ে মুখমণ্ডলত নাকৰ দুয়ো কাষে, কপাল, গালৰ উপৰ অংশ, মুখৰ মাজ অংশ আদিত দেখা যায় যদিও কেতিয়াবা ডিঙি আৰু হাতৰ কিলাকুটিৰ তলৰ অংশতো হোৱা দেখা যায়। মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ আমাৰ শৰীৰত থাকে যিয়ে ছালৰ, চুলিৰ আৰু আনকি চকুৰ ৰঙ নিৰ্ধাৰণ কৰে। যাৰ শৰীৰত মেলানিন বেছি থাকে তেওঁৰ ছালৰ বৰণ গাঢ় হয়। শৰীৰত থকা মেলানোচাইট নামৰ কোষ বিধে এই মেলানিন প্ৰস্তুত কৰে। ইউমেলানিন, ফিওমেলানিন, নিওৰমেলানিন আদি বিভিন্ন ধৰণৰ মেলানিন ই প্ৰস্তুত কৰে। এই পদাৰ্থবিধ প্ৰস্তুত হোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ শৰীৰটোক সূৰ্য্যৰ আলট্ৰা ভাইওলেট ৰশ্মিৰ পৰা ৰক্ষা কৰা।যেতিয়া মেলানিনৰ পৰিমাণ কোনো অংশত বেছি হয় তেতিয়া কলা বা মুগা ৰঙৰ দাগৰ সৃষ্টি হয়।

⬛কাৰণ সমূহ:
মেলাজমা(ফেচিয়েল মেলানোছিছ)ৰ প্ৰকৃত কাৰণ কি সেয়া নিশ্চিত হোৱা নাই যদিও কিছুমান কাৰক চিনাক্ত কৰা হৈছে যিয়ে এই সমস্যাত ভোগাত অৰিহণা যোগায়। ইয়াৰে দুটা মুখ্য কাৰক হল
অত্যধিক সূৰ্য্যৰ ৰশ্মিৰ(ৰদ) প্ৰভাৱ আৰু হৰমনৰ বিসংগতি। দুয়োটা কাৰণতে শৰীৰত বেছি পৰিমাণে মেলানিন নিঃসৰণ হয়। ছালখন ৰদৰ প্ৰতি বেছি সংবেদনশীল কৰিব পৰা ঔষধ ব্যৱহাৰ কৰা(উচ্চ ৰক্তচাপ, মূত্ৰনলীৰ সংক্ৰমণ, ভেকুৰজনিত ৰোগ আদিৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধ), বিভিন্ন প্ৰসাধন সামগ্ৰীৰ বাবে হোৱা এলাৰ্জি বা পাৰ্শ্ব ক্ৰিয়া আদিয়েও এনে ৰোগ হোৱাত অৰিহণা যোগায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here