মানিমুনি শাকৰ উপকাৰিতা

0
2459

মানিমুনি এবিধ বনৌষধি উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা এিছয়াটিকা৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা মাটিত হোৱা জলজ উদ্ভিদ৷ ই একেলগে থূপ পাতি থাকে৷ গা-গছৰ ঠাৰিডাল দীঘল হয়৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায়৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি৷ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী৷ বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে৷ এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয়৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায়৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here