মাত্ৰ এটা টিপ্‌ছতে তিনিদিনত নোহোৱা কৰক মুখৰ ক’লা দাগ

0
1476

এনে বহু লোক আছে, যাৰ মুখৰ ছালৰ ক’লা দাগ দীৰ্ঘদিন ধৰি যতন লোৱাৰ পাছতো নোহোৱা হৈ নাযায় লগতে মুখৰ ব্ৰুণবোৰো টান হৈ যায়৷ পাৰ্লাৰলৈ গৈ দামী ক্ৰীম সানিলে কিছু উপশম হয় যদিও পুনৰ ছালৰ ক’লা দাগ আৰম্ভ হয়৷

ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কি কৰিব লাগে জানো আহক–

ঘৰুৱাভাৱে ছালখনৰ যতন ল’লে মাত্ৰ তিনিদিনতে ছালখনলৈ আগৰ সুন্দৰতা ঘূৰি আহিব৷ ইয়াৰ বাবে ঘৰত সহজে পোৱা মচুৰ দাইল অলপমান ল’ব৷ দাইলখিনিৰ বাকলিবোৰ ভালদৰে পৰিষ্কাৰ কৰি লৈ তাত নেমুৰ ৰস মিহলাই লওক৷ এটা পাত্ৰত অলপমান পানী লৈ তাত দাইল আৰু নেমুৰ ৰসখিনি ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এতিয়া এই পেষ্টটো মুখৰ চাৰিওফালে ভালদৰে ঘঁহি ঘঁহি লগাই দিয়ক৷ বিশ মিনিটমান মুখত ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ এনেদৰে তিনিদিন নিয়মীয়াকৈ কৰিব৷ দেখিব আপোনাৰ মুখত পৰা ক’লা দাগবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ পৰিছে আৰু মুখৰ ছালৰ উজ্জ্বলতা বাঢ়ি গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here