মাটিৰ পাত্ৰত চাহ খোৱা কৰক : কিয়?Drink tea from clay pots. Why?

0
652

চাহ খাই ভাল পায়নে আপুনি? নিশ্চয় পায়৷ ভাৰতবৰ্ষৰ এনে এখন অঞ্চল নাই, য’ত চাহ খাই ভাল নোপোৱা মানুহ নোলাব৷ আগৰ দিনত মানুহে মাটিৰ পাত্ৰত চাহ খাইছিল৷ কিন্তু আজিকালি মাটিৰ পাত্ৰৰ ঠাই দখল কৰিছে প্লাষ্টিক আৰু আইনাৰ পাত্ৰসমূহে৷ কিন্তু মাটিৰ পাত্ৰত চাহ খোৱাৰ আমেজেই সুকীয়া৷ যেতিয়া গৰম চাহকাপ মাটিৰ পাত্ৰত চেকি দিয়া হয়, তেতিয়া তাৰ পৰা ওলোৱা সুগন্ধিয়ে ইয়াৰ সোৱাদ দুগুণ বৃদ্ধি কৰে৷ অকল সোৱাদেই নহয়, এনেদৰে মাটিৰ পাত্ৰত চাহ খোৱাৰ বিভিন্ন স্বাস্থ্যসন্মত লাভালাভো আছে৷

All change: India's railways bring back tea in clay cups in bid to banish plastics | Global development | The Guardian


(১) পুষ্টিবিদৰ মতে প্লাষ্টিকৰ গিলাচত চাহ খালে চাহৰ পুষ্টিৰ পৰিমাণ কমি যায়৷ কিন্তু তাৰ পৰিৱৰ্তে পুৰা মাটিৰ পাত্ৰত চাহ খালে তাৰ পুষ্টিগুণ সম্পূৰ্ণ অটুট থাকে৷


(২) বহুতৰে চাহ খালে গেছৰ সমস্যাই দেখা দিয়ে৷ কিন্তু মাটিৰ পাত্ৰত চাহ খালে এই সমস্যা নহয়, কিয়নো পুৰা মাটিয়ে চাহৰ অম্লতাৰ পৰিমাণ কমাই দিয়ে৷


(৩) এই মাটিৰ পাত্ৰত অকল চাহেই নহয়, চাহৰ লগতে গাখীৰ, লাচ্ছি, পানী আদি সকলোধৰণৰ পানীয় খাব পাৰি৷ কিন্তু প্লাষ্টিকৰ কাপত থকা কেমিকেল শৰীৰৰ বাবে একেবাৰে নিৰাপদ নহয়৷

Gallery – Gud Ki Chai


(8) লগতে মাটিৰ পাত্ৰত চাহ খালে ই শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে৷


(৫) একেদৰে এই কাপ ১০০ শতাংশই পৰিৱেশ-অনুকূল হয় আৰু ই আমাৰ স্বাস্থ্যৰ কোনোধৰণৰ ক্ষতি নকৰে৷ চাহ খাই উঠি মাটিৰ পাত্ৰ যেতিয়া পেলাই দিয়া হয়, তেতিয়া ই মাটিৰ লগত একেলগে মিলি যায়৷ কিন্তু প্লাষ্টিক মাটিত মিলিবলৈ ৫০০ বছৰৰো অধিক সময় লাগে, যিটো আমাৰ শৰীৰ আৰু পৰিৱেশৰ বাবে একেবাৰে উপযোগী নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here