মাকৈ খোৱাটো কিমান উপকাৰী?

0
2208

ষ্টাৰ্টাৰ হিচাপে চুইট কৰ্ন বা ক্ৰিচপি চিলি বেবী কৰ্ন সকলোৰে প্ৰিয়৷ মাকৈৰ দ্বাৰা উৎপাদিত হালধীয়া বৰণৰ এনে সৰু দানাবোৰ দেখিলেই লোভ সামৰিব নোৱাৰি৷ ইয়াৰ উপৰি পপ কৰ্নত আছে লুটেন, জেক্সানথিন, যি চকুৰ কাৰণে খুবেই উপকাৰী৷ ইয়াত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, খনিজ, এণ্টিঅক্সিডেণ্ট, ভিটামিন৷ যিয়ে শৰীৰ ভালে ৰখাত সহায় কৰে৷ হজম শক্তি বঢ়ায়৷ মাকৈৰ উপকাৰী গুণৰ বিষয়ে জানো আহক–

(১) মাকৈত ভিটামিন-বি১২, ফলিক এচিড, আইৰন প্ৰচুৰ পৰিমাণে থাকে৷ যিয়ে তেজত লোহিত ৰক্ত কণিকা বঢ়োৱাত সহায় কৰে৷ তদুপৰি মাকৈয়ে জটিল কাৰ্বহাইড্ৰেট সহজে ভাঙি হজম কৰি দিব পাৰে৷ ফলত মাকৈয়ে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷
(২) যিসকলৰ শৰীৰৰ পৰা অত্যধিক পৰিমাণে ঘাম ওলায়, তেওঁলোকক চিকিৎসকে মাকৈ খোৱাৰ পৰামৰ্শ দিয়ে৷ কাৰণ মাকৈয়ে শৰীৰত নষ্ট হোৱা শক্তি ঘূৰাই আনে৷
(৩) মাকৈয়ে মস্তিষ্ক আৰু স্নায়ুৰ দুৰ্বলতা নোহোৱা কৰে৷
(৪) মাকৈত থকা ষ্টাৰ্টে ওজন কমোৱাত সহায় কৰে৷ যিসকলৰ ওজন বৃদ্ধিৰ দৰে সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে মাকৈ খাব লাগে৷
(৫) ডায়েবেটিছ, উচ্ছ ৰক্তচাপ আদি সমস্যা যিসকলৰ আছে, মাকৈ খালে সুফল পাব পাৰি৷ মাকৈত থকা খনিজ, ভিটামিন-বি১, ভিটামিন-বি৫ আদি পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷
(৬) ছালৰ বিভিন্ন সমস্যাৰ বাবে মাকৈ খোৱাটো ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here