মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰাৰ বাহিৰেও বেলপাতৰ আছে কি ঔষধি গুণ?

0
2697


আজি দেৱাদিদেৱ মহাদেৱৰ মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ পুণ্য তিথিত শিৱক অৰ্চনা কৰাত বিল্বপত্ৰ বা বেলপাত হৈছে মূল সামগ্ৰী৷ পৌৰাণিকভাৱে চলি অহা প্ৰচলিত কথা মতে বেলপাতৰ ত্ৰিপত্ৰ– ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ স্বৰূপ প্ৰকাশ বুলি কোৱা হয়৷ আনহাতে বহুতে এই ত্ৰিপত্ৰক আশুতোষৰ তিনিটা চকুৰ লগতো তুলনা কৰে৷ বেলপাতক লৈ বিভিন্ন আখ্যানত বৰ্ণিত ভক্তিমাৰ্গ দৰ্শনৰ প্ৰকাশৰ উপৰি ইয়াৰ আছে বহুতো ঔষধি গুণ৷

ঔষধি গুণসম্পন্ন বেলপাতে আমাক কিদৰে সহায় কৰে জানো আহক–
(১) বেলপাতত ভিটামিন-বি১, ভিটামিন-বি৬ আৰু ভিটামিন১২ প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ শৰীৰৰ সাৰ্বিক বৃদ্ধিৰ বাবে এটা প্ৰয়োজনীয় উপাদান৷
(২) বেলপাত সেৱন কৰিলে তিনিটা দোষ ক্ৰমে বাত, পিত্ত আৰু কফজনিত সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰে৷
(৩) ডায়েবেটিছ, হাইপাৰ টেনশ্যন আদি বেলপাতে নিবাৰণ কৰিব পাৰে৷ হাৰ্ট ভালে ৰাখিবলৈ, তেজত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক বেলপাত খাব লাগে৷
(৪) শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধৰ পৰা ৰক্ষা পাবলৈ বেলপাতৰ ৰস সেৱন কৰিব লাগে৷
(৫) বেলপাতৰ ৰস নিয়মিত চুলিত লগালে চুলি সৰা সমস্যা নাইকিয়া হয় লগতে চুলি মসৃণ আৰু উজ্জ্বল হয়৷
(৬) ছালৰ দাগ নাইকিয়া কৰিবলৈ বেলপাতৰ ৰস উলিয়াই দৈনিক ক্ষতস্থানত লগাব লাগে৷ দেখিব দাগবোৰ নোহোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here