মহাৰাষ্ট্ৰত জিকা ভাইৰাছৰ সংক্ৰমণ: উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ

0
417
জিকা ভাইৰাছৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু চিকিৎসা ব্যৱস্থাপনাত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে চিকিৎসাজনিত বিভিন্ন বিষয়ৰ সৈতে জড়িত এটা দল মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত জিকা ভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে৷ কেন্দ্ৰই পঠিওৱা তিনিজনীয়া দলটোত পুনেৰ আঞ্চলিক সঞ্চালক কাৰ্যালয়ৰ এজন জনস্বাস্থ্য বিশেষজ্ঞ, নতুন দিল্লীৰ Lady Hardinge Medical College-ৰ এগৰাকী স্ত্ৰী ৰোগৰ চিকিৎসক আৰু ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠান চমুকৈ NIMR-ৰ এণ্ট’মলজিষ্ট আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here