মহানগৰীত প্ৰথমবাৰলৈ বীজাণুমুক্ত পাচলি– ক’ত ?

0
2069

যোৱা ২৭ ডিচেম্বৰত পাঞ্জাবাৰীস্থিত অসম বিপণন ক্ষেত্ৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অ’জনযুক্ত পানীৰে ফল-মূল পৰিশোধন কৰা প্ৰণালী এটা উপলব্ধ হয়৷ মহানগৰীৰ যুৱ উদ্যোগী শতাক্ষী ভট্টাচাৰ্যই প্ৰায় ৪০ লাখ টকা ব্যয়সাপেক্ষে এই প্ৰকল্পটো অৰম্ভ কৰে৷ এই প্ৰকল্পটোত সম্পূৰ্ণ যান্ত্ৰিক পদ্ধতিৰে তিনিটা পৰ্যায়ত অ’জনযুক্ত পানীৰে ফল-মূলসমূহ পৰিষ্কাৰ কৰা হয়৷ যন্ত্ৰটোৱে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি অ’জন সৃষ্টি কৰি শাক-পাচলি, ফল-মূল আদি অ’জনাজেশ্যন কৰে৷ অ’জন পানীতে ফল-মূলসমূহ ধুই পাছত তাক শুকুৱাই লোৱা হয়৷ তাৰ পাছত বীজাণুমুক্ত আৰু ৰাসায়নিক দ্ৰব্যমুক্ত, স্বাস্থ্যসন্মতভাৱে গ্ৰহণযোগ্য সামগ্ৰীসমূহ যান্ত্ৰিকভাৱে বিভিন্ন পৰিমাণৰ ওজনত পেকেট তৈয়াৰ কৰা হয়৷ এনেদৰে প্ৰস্তুত কৰি পাচলিসমূহ বিক্ৰীৰ বাবে ৰখা হয়৷ সেই অনুসৰি পাচলিসমূহৰ বিক্ৰী মূল্য ক্ৰমে প্ৰতিকেজি বীনত ৬০ টকা, অমিতা প্ৰতিকেজিত ৩৫ টকা, উৰহীত ৩৬ টকা, বন্ধাকবিত ৩৬ টকা, কাচকল এটাত ৫ টকা, বিলাহী প্ৰতিকেজিত ৫০ টকা, বেলপেপাৰত ২৫০ টকা ইতাদি৷ জিলিঙনি নামৰ এটা প্ৰতিষ্ঠানে গুৱাহাটী মহানগৰীত এই পাচলিসমূহৰ হোম ডেলীভাৰীৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে অ’জনে অতি ক্ষিপ্ৰতাৰে কীটনাশক, ৰাসায়নিক দ্ৰব্য, বেক্টেৰিয়া, যিকোনো প্ৰকাৰৰ বীজাণু তথা কেঞ্চাৰযুক্ত কোষবিলাক ধবংস কৰিব পাৰে৷ এনে বীজাণুমুক্ত শাক-পাচলিয়ে খাদ্যত এচিডৰ সংক্ৰমণৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে খাদ্যত এণ্টিঅক্সিডেণ্টৰূপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here