মহানগৰত ১.৫ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ || Drugs worth Rs 1.5 crore seized in city

0
643
ৰাজ্যজুৰি অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পাছতো বহিঃৰাজ্যৰ পৰা অসমলৈ ব্যাপক হাৰত ড্ৰাগ্‌ছ সৰবৰাহ হৈয়েই আছে৷ ২৪ নৱেম্বৰত খোদ ৰাজধানী গুৱাহাটীত ১.৫০ কোটি টকাৰ ড্ৰাগ্‌ছসহ এটা সৰবৰাহকাৰীক বিশেষ জাল পেলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী৷ লক্ষণীয় যে মণিপুৰৰ পৰা গুৱাহাটীলৈ এটা সৰবৰাহকাৰীয়ে ৫০ হাজাৰ য়ুৱা নামৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগ্‌ছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ পাছত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জাল পেলায়৷ এই অভিযানত মঃ ছালিমুদ্দিন নামৰ এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰী জালত পৰে৷ সৰবৰাহকাৰীটোৰ জিম্মাৰ পৰা প্ৰায় ৫০ হাজাৰ নিচাযুক্ত য়ুৱা টেবলেট জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়৷ জব্দ কৰা টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় দৰ প্ৰায় ১.৫০ কোটি টকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ নিষিদ্ধ ড্ৰাগ্‌ছখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল৷ ড্ৰাগ্‌ছখিনি সৰবৰাহ কৰা মঃ ছালিমুদ্দিন পেছাত গাড়ীচালক আৰু এই পেছাত থাকিয়েই দীৰ্ঘদিন অসমলৈ ড্ৰাগ্‌ছ সৰবৰাহ কৰি থকা বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি ড্ৰাগ্‌ছ সৰবৰাহকাৰীক এৰি দিয়াৰ নামত দুজন গৃহৰক্ষী জোৱানে সৰবৰাহকাৰীৰ পৰা ২০ লাখ টকা দাবী কৰিছিল৷ এই তথ্য পোহৰলৈ অহাত আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দুই গৃহৰক্ষী জোৱান হেমন্ত বৰ্মন আৰু বাবুল বৰ্মনক গ্ৰেপ্তাৰ কৰে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছত খোদ আৰক্ষী বিভাগৰ লোকে ৰাজ্যৰ ড্ৰাগ্‌ছ সৰবৰাহকাৰীক সহযোগ কৰাৰ গুৰুতৰ অভিযোগো উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here