বিভিন্ন সময় বা পৰিস্থিতিৰ কাৰণে আমাৰ মন উদ্বেগ-উদ্বিগ্নতা, অশান্তিকৰ আৰু মানসিক চাপ অনুভৱ কৰা যায়৷ এই সময়ত মনটো বিচলিত হৈ মেজাজ বেয়া হয় আৰু ভাল হোৱাৰ কোনো লক্ষণ নাথাকে৷ যাৰ বাবে শৰীৰত কম শক্তি অনুভৱ কৰে৷ এনে অৱস্থাত কিদৰে মনটো ভাল কৰিব তথা মনলৈ শান্তি ঘূৰাই আনিব৷ মনত ৰাখিব মনৰ এনে অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ উপায় আপোনাৰ হাততে আছে৷ মাথোঁ উপযুক্ত সময়ত প্ৰয়োগ কৰিব জানিব লাগিব৷ মনৰ স্থিৰতা তথা বিষণ্ণ মন সতেজ কৰিবলৈ যোগব্যায়াম কৰিব পাৰে৷ যোগাসনে মনৰ শান্তি ঘূৰাই অনাৰ লগতে মনটো প্ৰফুল্লিত কৰি ৰাখে৷ ইয়াৰ বাবে আপুনি বীৰভদ্ৰাসন আসন বাছি লওক৷ বীৰভদ্ৰাসন এনে এবিধ যোগাসন, যি নিয়মিতভাৱে কৰিলে মনৰ স্বাস্থ্য উন্নত হোৱাৰ উপৰি মানসিক দুশ্চিন্তা নোহোৱা কৰি কামত মন বহুওৱাত সহায় কৰে৷ মানসিকভাৱে শক্তিশালী হ’বলৈ বীৰভদ্ৰাসন আসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব বীৰভদ্ৰাসন ঃ- এই আসন কৰিবলৈ কঠিন নহয়৷ প্ৰথমে মানুহগৰাকীয়ে মাটিত মুকলি ঠাইত থিয় হৈ লওক৷ এতিয়া যিকোনো এখন ভৰি আগফালে আগুৱাই দিয়ক আৰু আনটো ভৰি সমান দূৰত্বত পিছফালে নিয়ক৷ হাত দুখন একেলগ কৰি ওপৰলৈ দাঙি ধৰক৷ শ্বাস-প্ৰশ্বাস সাধাৰণ ৰাখক৷ এইদৰে কিছু সময় ৰৈ পাছত বিপৰীত ভৰিখনেৰে আগৰ দৰেই কৰিব৷