মন বেয়া, কৰ্টিচেলৰ ক্ষৰণ বাঢ়িলে এইবোৰ খাওক

0
67

শৰীৰৰ কৰ্টিচেল হৰমনৰ ক্ষৰণ বাঢ়ি গ’লে মানসিক অৱসাদ, হঠাতে মন বেয়া লগা বা সঘনাই মন-মেজাজ বেয়া হৈ থকা, ষ্ট্ৰেচ আদিৰ দৰে উপসৰ্গই দেখা দিব পাৰে৷ আনহাতে শৰীৰত কৰ্টিচেল হৰমনৰ পৰিমাণ বাঢ়ি গ’লে শৰীৰৰ ওজনো বাঢ়ি যায়৷ সেয়ে এনে কিছুমান খাদ্য আছে, যিবোৰে ষ্ট্ৰেচ হৰমন বা কৰ্টিচেলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু মন তথা শৰীৰৰ উন্নতি সাধন কৰিব পাৰে৷ জানো আহক সেইবোৰ খাদ্যৰ বিষয়ে৷
নিয়মিতভাৱে চাৰিটা কাঠবাদাম বা আলমণ্ড খোৱাৰ অভ্যাস কৰিলে ষ্ট্ৰেচ কমোৱাত সহায় কৰে৷ জাৰ্নাল অব দ্য আমেৰিকান কলেজ অব নিউট্ৰিশ্য্যনৰ তথ্য মতে কাঠবাদামত থকা মেগনেচিয়ামে কৰ্টিচেলৰ মাত্ৰা কমাই ৰাখে৷
জাৰ্নাল অব প্ৰ’টিওম ৰিছাৰ্চৰ তথ্য অনুযায়ী ডাৰ্ক চকলেটত ৭০ শতাংশৰ বেছি কোকো থাকে৷ সেয়ে দুসপ্তাহ ডাৰ্ক চকলেট খালে কৰ্টিচেলৰ মাত্ৰা কমি থাকে৷ যাৰ ফলত ষ্ট্ৰেচ আৰু অৱসাদ কমি যায়৷ মনত ৰাখিব প্ৰতিদিনে ৩০ গ্ৰামৰ বেছি ডাৰ্ক চকলেট কোৱা উচিত নহয়৷
পালেং শাকত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে৷ আনহাতে শৰীৰত মেগনেচিয়ামৰ অভাৱত অৱসাদ বা ষ্ট্ৰেচে দেখা দিয়ে৷ সেয়ে দৈনিক পালেং শাক খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
নহৰুত এলিছিন নামৰ যৌগ থাকে, যিয়ে কৰ্টিচেল হৰমনৰ ক্ষৰণ কমায়৷ সেয়ে নহৰু খোৱাৰ ফলত অৱসাদ, মন বেয়া লগা, মানসিক চিন্তা আদি কমাই ৰাখে৷
গ্ৰীন টীত এল থিয়ানিন নামৰ এমিন’ এচিড থাকে, যিয়ে মনক প্ৰশান্তি যোগোৱাত তথা মানসিক উদ্বেগ, মনত বেয়া ভাব, শাৰীৰিক অৱসাদ আদি নোহোৱা কৰিব পাৰে৷
ব্ৰাউন ৰাইচ এবিধ কমপ্লেক্স কাৰ্বহাইড্ৰেট, যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ যাৰ ফলত কৰ্টিচেল হৰমনৰ ক্ষৰণ কমাই ৰাখে৷
কলত প্ৰচুৰ পৰিমাণে ভিটামিন-বি৬, পটাচিয়াম পোৱা যায়, যিয়ে কৰ্টিচেল হৰমনৰ ক্ষৰণ কমাই ৰাখি মন প্ৰফুল্লিত তথা মানসিক অৱসাদ, উদ্বেগ নোহোৱা কৰি শাৰীৰিক শক্তি যোগোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here