‘মন কী বাত’ত প্ৰধানমন্ত্ৰী : কভিডৰ দ্বিতীয় ঢৌৱে দেশখনক জোকাৰি পেলাইছে

0
998

কভিড-১৯ ৰ দ্বিতীয়টো ঢৌৱে জনসাধাৰণৰ ধৈৰ্য আৰু দুখ সহ্য কৰাৰ ক্ষমতা পৰীক্ষা কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৫ এপ্ৰিলত কয় যে দেশখনে প্ৰথমটো ঢৌ সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ পাছত উৎসাহ আৰু আত্মবিশ্বাস বিৰাজ কৰাৰ সময়তে এই ধুমুহাই দেশখনক জোকাৰি পেলাইছে৷ তেওঁৰ মাহেকীয়া ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’ত মোদীয়ে চিকিৎসকসকল, নাৰ্ছসকল আৰু আগশাৰীৰ কৰ্মীসকলৰ সৈতে কথা পাতে৷ তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু ৰোগটোৰ বিষয়ত তেওঁলোকৰ মত প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে সৰ্বসাধাৰণ লোক সোনকালে এই সংকটৰ পৰা ওলাই আহিব৷ ৩০ মিনিটৰ সম্প্ৰচাৰ সম্পূৰ্ণৰূপে মহামাৰী বিষয়ক আছিল৷

মোদীয়ে দৃঢ়তাৰে কয় যে এই ৰোগটোক পৰাভূত কৰাটোৱেই বৃহত্তম অগ্ৰাধিকাৰ৷ মোদীয়ে তেওঁৰ কাৰ্যসূচী আৰম্ভ কৰে জনসাধাৰণৰ দুৰ্দশাৰ কথাৰে৷ তেওঁ কয় যে আমাৰ বহু আত্মীয়-স্বজনে আমাক অকালতে এৰি গ’ল৷ সফলতাৰে কৰ’নাৰ প্ৰথমটো ঢৌৰ সন্মুখীন হোৱাৰ পাছত দেশখনত সম্পূৰ্ণ উৎসাহ-উদ্যম, সম্পূৰ্ণ আত্মবিশ্বাস বিৰাজ কৰিছিল, কিন্তু এই ধুমুহাই দেশখনক জোকাৰি পেলালে৷ মোদীয়ে জনসাধাৰণক কৰ’নাৰ ভেক্‌চিন ল’বলৈ আহ্বান জনায় আৰু ভেক্‌চিনৰ বিষয়ে ওলোৱা উৰা বাতৰিবোৰৰ বিৰুদ্ধে তেওঁলোকক সজাগ কৰি দিয়ে৷ তেওঁ কয় যে এই যুদ্ধত জয়লাভ কৰিবলৈ হ’লে আমি এই সময়ত বিশেষজ্ঞসকল আৰু বিজ্ঞানীসকলৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here