মধুমেহ ৰোগ আৰু সাৱধানতাঃ

0
1703

বৰ্তমান সময়ত মধুমেহ ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হৈ গৈ আছে। মধুমেহ ৰোগে লাহে লাহে হৃদয়, কিডনি, চকুৰ দৃষ্টিশক্তি আদিৰ ওপৰত প্ৰভাৱ পেলাই ক্ৰমান্বয়ে ৰোগীক জটিল অৱস্থালৈ লৈ যায়। আধুনিক চিকিৎসা বিজ্ঞানত মধুমেহৰ ওপৰত নিত্য নতুন গৱেষণা চলি আছে যদিও ইয়াক সম্পূৰ্ণ নিৰাময় কৰাত সফল হব পৰা নাই। মধুমেহ ৰোগ সাধাৰণতে নিয়ন্ত্ৰণ কৰিহে ৰাখিব পৰা যায় যদিও আৰম্ভণিতে সাৱধানতা অৱলম্বন কৰি ইয়াৰ সুচিকিৎসা কৰালে কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণ নিৰাময়ও হোৱা দেখা যায়।কিন্তু বংশগত হলে মধুমেহ সম্পূৰ্ণ নিৰাময় কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে।অন্য ৰোগৰ ক্ষেত্ৰত যিদৰে ৰোগ প্ৰতিৰোধ বা সতৰ্কীকৰণৰ বাবে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰচাৰ কৰা যায়, বৰ্তমান সময়তো মধুমেহ ৰোগৰ বাবেও এনে প্ৰচাৰৰ আহ্বান জনায়।

          কিছুমান  বিশেষজ্ঞৰ মতে, মধুমেহৰ মুখ্য কাৰণ তেজত বৃদ্ধি হোৱা কলেষ্টৰেল।। তেজত কলেষ্টৰেল বৃদ্ধিৰ ফলত অগ্নাশয়ত উৎপন্ন হোৱা ইনচুলিন চলাচলত বাধাপ্ৰাপ্ত হয় যাৰ ফলত পৰ্যাপ্ত গ্লুকোজ কোষসমূহে গ্ৰহণ কৰাত অসুবিধা হয় আৰু ইয়াৰ ফলত তেজত গ্লুকোজৰ মাত্ৰা বাঢ়ি যায়। আনহাতে বাহিৰৰ পৰা গ্ৰহণ কৰা ইনচুলিন সতেজ হোৱা বাবে ই তেজৰ বাধা(কলেষ্টৰেল) অতিক্ৰম কৰি কোষসমূহলৈ সহজে যাব পাৰে। উল্লেখযোগ্য যে, হৃদয়ৰোগ আৰু উচ্চ ৰক্তচাপত ও কলেষ্টৰেলৰ প্ৰভাৱ দেখা যায়।

মধুমেহ ৰোগৰ আৰম্ভণিতে বা আৰম্ভণিৰ আগ আগে পুৰুষ বা মহিলাৰ যৌন শক্তি হ্ৰাসৰ (বয়সৰ আগতে) লক্ষণে দেখা দিয়ে। যদিও অন্য বেলেগ কাৰণতো যৌন শক্তি হ্ৰাস হব পাৰে, তথাপি সাৱধানতা অৱলম্বন কৰা উচিত। ইয়াৰ পিছৰ লক্ষণ হিচাপে অস্বাভাৱিক ওজন হ্ৰাস, অত্যধিক ভোক, পিয়াহ,সঘনাই মুত্ৰত্যাগ আদি লক্ষণে দেখা দিয়ে।

?মধুমেহ ৰোগ প্ৰতিৰোধৰ কিছু উপায়ঃ-

☘️ আহাৰ খোৱাৰ পিছত লগে লগে মুত্ৰত্যাগৰ অভ্যাস কৰক।

☘️ নিতৌ যোগাসন আৰু প্ৰাণায়ম কৰক।

☘️ শাৰিৰীক পৰিশ্ৰমৰ অনুপাতে আহাৰ খাবলৈ চেষ্টা কৰিব লাগে।

☘️ দিনচৰ্চা মানি চলক, বিৰুদ্ধ আহাৰ বৰ্জন কৰক।

☘️ দৈনিক খাদ্যতালিকাত আঁহযুক্ত খাদ্য সংযুক্ত কৰক।

☘️ ৰাতিৰ আহাৰ সোনকালে আৰু সামান্য পৰিমাণে গ্ৰহণ কৰা উচিত।

☘️ ৰাতি আহাৰ খোৱাৰ পিছত লাহে লাহে কিছুসময় খোজ কাঢ়িব লাগে।

??মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ঘৰুৱা উপায়ঃ

১। জামৰ গুটিৰ চূৰ্ণ আধাচামুচকৈ আধা কাপ কুহুমীয়া গৰম পানীৰ সৈতে ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ এক ঘণ্টা আগতে ১/২ মাহ খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

২। অমৰলতাৰ ৰস নিতৌ খাব পাৰিলেও উপকাৰ পোৱা যায়।পৰিমাণ– ১ফুট দীঘল লতাৰ ৰস উলিয়াই সম পৰিমাণৰ পানী মিহলাই খালীপেটত এবাৰ।একেৰাহে ২১ দিন খোৱাৰ পিছত কিছুদিন বিৰতি দি খাব লাগে।

৩। দোৰণ বন নিতৌ খাব পাৰিলে উপকাৰ পোৱা যায়।

৪। বেলপাত, মেথিগুটি আৰু তিতাকেৰেলাৰ গুটিৰ চূৰ্ণ উপকাৰী। চাহৰ দৰে উতলাইও খাব পাৰে। আধা চামুচ চূৰ্ণ এক কাপ পানীত মিহলাব। অৰ্জুন চূৰ্ণৰ চাহও বহুত উপকাৰী।

পথ্য- তিচি, আমলখি, শিলিখা, জাম, বাকলিৰ সৈতে দাইল,নেমুটেঙা, তেতেলি, তিতাকেৰেলা, সেউজীয়া শাক,তিয়হ, জাতিলাও , বিলাহী আদি।

অপথ্য- চেনি, ময়দা, ৰিফাইন তেল, প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্য, আলু, যিকোনো পেকেজিং ফুড আদি।

-হেমন্ত গোস্বামী

খটিয়ামাৰী(বিজয়নগৰ)
দক্ষিণ কামৰূপ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here