মতাপুং মাগুৰী বিলৰ পৰা তেল আহৰণৰ উদ্দেশ্যে অইলৰ খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি

0
2215

মতাপুং মাগুৰী বিলৰ বুকুৰ পৰা তেল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বিয়য়টোত স্থানীয় ৰাইজ সৰৱ হৈ পৰিছে৷ মতাপুং মাগুৰী বিলৰ ভৱিষ্যতৰ দিনত হ’ব পৰা বিপদৰ আশংকা কৰি বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি খাদটোৰ স্থান সলনি কৰিবলৈ দাবী জনাইছে৷ মতাপুং মাগুৰী বিলখনক IBA (Important Bird area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে৷ বিলখন শেহতীয়াকৈ ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদন অঞ্চল [Eco-Sensitive zone] হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ বিলখনত কিছুমান দুষ্প্ৰাপ্য প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষী বিচৰণ কৰে৷ প্ৰতিবছৰে শীতকালত পৰিভ্ৰমী চৰাইসমূহৰ বিলখনলৈ আগমন ঘটে৷ মতাপুং মাগুৰী বিলখনত ২৯০টাতকৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে৷ পক্ষীৰ উপৰি বিলখনৰ জলভাগতো বহুতো প্ৰজাতিৰ মাছ, সৌন্দৰ্যবৰ্ধক মাছ আৰু ৬টামান প্ৰজাতিৰ কাছ আৰু কেইবাটাও প্ৰজাতিৰ সৰীসৃপ দেখিবলৈ পোৱা যায়৷ জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ মতাপুং মাগুৰী বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে বাঘজান তেল খাদৰ পৰা মধুবনলৈ ৰাইজৰ প্ৰতিবাদক নেওচি বিলখনৰ ওপৰেদি পাইপ লাইন স্থাপন কৰিলে৷ যাৰ পৰিণতিত বিগত ১৪ ছেপ্টেম্বৰ, ২০১৮ত উক্ত পাইপ লাইন ফুটি বিলখনৰ পৰিৱেশতন্ত্ৰত বিস্তৰ ক্ষতিসাধন কৰিছিল৷ আনকি বিগত ২৭ মে’, ২০২০ত অইলৰ বাঘজানৰ BGRৰ ৫ নং তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল৷ সেই অগ্নিকাণ্ডই প্ৰায় ৬ মাহ মতাপুং মাগুৰী বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ব্যাপক পৰিৱেশ প্ৰদূষণৰ লগতে জনজীৱনৰ বৃহৎ ক্ষতি কৰিছিল৷ এই ঘটনাৰ ভয়াৱহতা মাৰ নৌযাওঁতেই অইল ইণ্ডিয়াই মতাপুং মাগুৰী বিলৰ বুকুৰ পৰা তেল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬নং লাইনত বিলৰ নিচেই কাষতে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা বিষয়টোত বাৰেকুৰি আঞ্চলিক যুৱ সংঘই আক্ষেপ প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here