ভৱিষ্যতে ব্ৰহ্মপুত্ৰই আনিব পাৰে জলপ্ৰলয়ৰ আশংকা

0
1015

উত্তৰাখণ্ডত সংঘটিত হোৱা জলপ্ৰলয়ৰ দৰে ঘটনা অনাগত দিনত অসমতো সংঘটিত হ’ব পাৰে৷ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰই৷ কিয়নো গ্ল’ৱেল ৱাৰ্মিং, অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত শেহতীয়াকৈ হিমালয়ত দ্ৰুত গতিত বৃদ্ধি পাইছে হিমবাহৰ সংখ্যা৷ ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে হ্ৰদৰ সংখ্যা আৰু ইয়াৰ পৰিসৰ৷ ইফালে ব্ৰহ্মপুত্ৰৰ উজনি অংশৰ লগতে নদীখনৰ উপনৈসমূহত এটাৰ পাছত এটাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ নদীবান্ধ৷ এনে পৰিস্থিতিত নন্দাদেৱীৰ হিমবাহৰ এটা অংশ ভাগি উত্তৰাখণ্ডত যি জলপ্ৰলয়ৰ সৃষ্টি কৰিছে, তেনেধৰণৰ জলপ্ৰলয় এদিন ব্ৰহ্মপুত্ৰতো হোৱাৰ সম্ভাৱনা লাহে লাহে প্ৰকট হৈ পৰিছে৷ মন কৰিবলগীয়া যে উত্তৰাখণ্ডত এনে এক হিমবাহৰ পানীয়েই প্ৰলয়ৰ সৃষ্টি কৰিছিল৷ এনে পৰিস্থিতিত হিমবাহৰ পৰাই উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰতো অনাগত দিনত একেই পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ কিয়নো চীনে ইতিমধ্যে নদীখনৰ উজনি অংশত বহুকেইটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে এটা ছুপাৰ ডেম নিৰ্মাণৰো কাম আৰম্ভ কৰিছে৷ সকলোতকৈ ডাঙৰ কথা যে চীনে এই জলবিদ্যুৎ প্ৰকল্পসমূহ নিৰ্মাণ কৰিছে অতি ভূ-কম্পন এলেকাত৷ যদিহে কেতিয়াবা এই হিমবাহৰ পানীয়ে এই প্ৰকল্পসমূহ ভাঙে, তেনেহ’লে ব্ৰহ্মপুত্ৰৰ নামনি অংশৰ অসম, অৰুণাচলত যে মহাপ্ৰলয়ৰ সৃষ্টি হ’ব, সেয়া নিশ্চিত৷ যিহেতু ব্ৰহ্মপুত্ৰ এখন বৃহৎ নদী, সেয়েহে হয়তো উত্তৰাখণ্ডতকৈও অসমত সৃষ্টি হ’ব অধিক ভয়ংকৰ পৰিস্থিতিৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here