ভৰি মোচোকা খাই বিষ হ’লে কি কৰিব ?What to do when you sprain your leg?

0
1305
সাধাৰণতে খেলি থাকোঁতে, ছিৰি উঠা-নমা কৰোঁতে, দৌৰোঁতে বা কেতিয়াবা শুই থাকোঁতে বিছনাৰ পৰা পৰিও ভৰি মোচোকা খোৱা দেখা যায়৷ ই তেনেই সচৰাচৰ হৈ থকা ভৰিৰ সৰু আঘাত৷ কিন্তু কেতিয়াবা ই যথেষ্ট সমস্যাৰ সৃষ্টি কৰে৷ ইয়াৰ ফলত হঠাতে ভৰিৰ বিষ উঠে, খোজ কঢ়াত অসুবিধা হয়, আঘাতপ্ৰাপ্ত ঠাইখিনি ফুলি উঠে, ভৰিখনে অধিক ভৰ সহ্য কৰিব নোৱাৰে আদি৷ তেনে অৱস্থাত আপুনি কি কৰিব?

(১) ভৰি মোচোকা খোৱা অৱস্থাত কেইদিনমান খোজকঢ়া বা ভৰিত জোৰ পৰা কোনো কাম কৰা উচিত নহয়৷


(২) আঘাতপ্ৰাপ্ত ঠাইখিনিত বৰফৰ টুকুৰাৰ ঠাণ্ডা চাপ দিব পাৰে৷ ই বিষ আৰু উখহি উঠা যথেষ্ট নিৰাময় কৰিব পাৰে৷

What Ice Packs to Use for Injuries – Cleveland Clinic


(৩) আঘাতপ্ৰাপ্ত ঠাইখিনিত ক্ৰেপ বেণ্ডেজেৰে বান্ধি চাপ দিব লাগে৷ মনত ৰাখিব যাতে বেছি টানকৈ নাবান্ধে৷

Applying bandage to sprained ankle - Stock Image - M330/0139 - Science Photo Library


(8) ৰাতি শোওঁতে মোচোকা খোৱা ভৰিখন আপোনাৰ হৃদপিণ্ডৰ সমান উচ্চতাত ৰাখিব লাগে৷ অৰ্থাৎ আপুনি ৰাতি শোওঁতে ভৰিখন দুটামান গাৰুৰ ওপৰত ৰাখি শুব পাৰে৷ ইয়াৰ ফলত আঘাতপ্ৰাপ্ত অংশত জমা হৈ থকা তেজখিনি পুনৰ হৃদপিণ্ডলৈ ঘূৰি যোৱাত সহায়ক হয় আৰু ইয়ে ঠাইডোখৰৰ ফুলি উঠা যথেষ্ট কমাব পাৰে৷

How to Reduce Swelling After Knee Surgery: 11 Steps


(৫) সাধাৰণতে মোচোকা খোৱা বিষ কেইদিনমানতে নাইকিয়া হয়৷ কিন্তু আপোনাৰ যদি অত্যন্ত বিষ উঠে, তেন্তে আপুনি গৰম পানীত নিমখ মিশ্ৰণ কৰি ভৰিখন কিছু সময় ভিজাই থ’লেও সুফল লাভ কৰিব পাৰিব৷

161 Baking Soda Skin Photos - Free & Royalty-Free Stock Photos from Dreamstime


(৬) নাইবা অলপ গৰম পানীত ভিনেগাৰ মিশ্ৰণ কৰি তাত এখন টাৱেল ভিজাই লৈ সেক দিলেও বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here