ভয়ংকৰ ঘটনা ৰাজ্যত মানৱ অংগ কিডনীৰ নিষিদ্ধ বেহা

0
966
ৰাজ্যত ড্ৰাগ্‌ছ, মদ-ভাং আদিৰ লেখীয়াকৈ অবৈধ মানৱ দেহৰ অংগৰ নিষিদ্ধ ব্যৱসায় চলি আছে৷ যোৱা ১১ জুলাইত মৰিগাঁও জিলাৰ ধৰমতুলত উন্মোচিত হৈছে তেনে এক হৃদয়বিদাৰক ঘটনা৷ শকত পৰিমাণৰ ধনৰ প্ৰলোভন দি অবৈধভাৱে কিডনীৰ ব্যৱসায় তথা সৰবৰাহ কৰি অহা ধৰমতুলৰ লিলিমাই বড়ো নামৰ মহিলাগৰাকী যোৱা ১১ জুলাইত ৰাইজৰ সহযোগত আৰক্ষীৰ জালত পৰে৷ উল্লেখ্য যে মানৱ অংগৰ অবৈধ সৰবৰাহৰ দৰে ভয়ংকৰ ঘটনা বহুদিনৰ পৰা সংঘটিত হৈ আহিছিল জাগীৰোডৰ দক্ষিণ ধৰমতুলত৷ অৰ্থৰ অভাৱ নাইবা দাৰিদ্ৰ্যৰ বাবেই এই চক্ৰটোৰ প্ৰলোভনত পৰি গাঁওখনৰ ৩০জনৰো অধিক লোকে বিক্ৰী কৰিছিল নিজৰ বহুমূলীয়া কিডনী৷ 

মানৱ দেহৰ অতি মূল্যৱান অংগ এই কিডনী বিক্ৰী কৰিবলৈ লোকসকলক চক্ৰটোৱে লৈ যায় গুৱাহাটী আৰু কলকাতালৈ৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা মতে, অশিক্ষিত লোকসকলক প্ৰথমে নানা প্ৰলোভন দি কিডনী বিক্ৰীৰ বাবে সন্মতি কৰায়৷ এতিয়াও গাঁওখনৰ ৭-৮জন লোকে কিডনী বিক্ৰী কৰিবৰ বাবে কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা বুলি গাঁওখনৰে একাংশ লোকে জানিবলৈ দিয়ে৷ স্থানীয় একাংশ দালালৰ সহযোগত এই সমস্ত কামৰ নেতৃত্ব দিছিল গাঁওখনৰে লিলিমাই বড়ো নামৰ মহিলাগৰাকীয়ে৷ যোৱা ১১ জুলাইৰ বিয়লি দক্ষিণ ধৰমতুলত একাংশ লোকক কিডনী বিক্ৰীৰ বাবে আগধন দিবলৈ আহোঁতেই স্থানীয় ৰাইজে মহিলাগৰাকী আৰু আন এজন সদস্যক কৰায়ত্ত কৰি নেলী আৰক্ষীক চমজাই দিয়ে৷ স্থানীয় লোকসকলে নেলী আৰক্ষী চকীত এই দুষ্টচক্ৰটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে এই দুষ্টচক্ৰটোৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here