ভয়ংকৰ খবৰ ! ড্ৰাগ্‌ছ আসক্তৰ দেহত মাৰাত্মক HIV-ৰ বীজাণু

0
457
সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ খবৰ৷ অঞ্চলটোৰ কেইবাগৰাকী ড্ৰাগ্‌ছ আসক্ত যুৱক আক্ৰান্ত হৈছে মাৰাত্মক এইড্‌ছ ৰোগত৷ দিনে-নিশাই HIV শৰীৰত কঢ়িয়াই লৈ ফুৰা মুকালমুৱা অঞ্চলৰ যুৱ প্ৰজন্মৰ এই লোকসকলৰ আটাইখিনিয়ে মধ্যবিত্ত পৰিয়ালৰ৷ মুকালমুৱা সামূহিক চিকিৎসালয়ৰ সূত্ৰে জানিব পৰা মতে, বিগত তিনিদিনত অঞ্চলটোৰ ৬ জনকৈ ড্ৰাগ্‌ছ আসক্ত যুৱকৰ দেহত ধৰা পৰিছে HIV৷ মুকালমুৱা সামূহিক চিকিৎসালয়ৰ বিশেষ তৎপৰতাত এইড্‌ছত আক্ৰান্ত যুৱ প্ৰজন্মৰ এই লোকসকলক নিয়মিত পৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ শেহতীয়াভাৱে আন এগৰাকী ড্ৰাগ্‌ছ আসক্ত যুৱকৰ দেহত HIV পজিটিভ পোৱা গৈছে বুলি মুকালমুৱা সামূহিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷ লক্ষণীয় যে এইড্‌ছত আক্ৰান্ত আটাইকেইগৰাকী যুৱকে ছিৰিঞ্জৰ সহায়ত ড্ৰাগ্‌ছ লোৱাৰ ফলত HIV পজিটিভ হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছে৷ মুকালমুৱা তথা বৰক্ষেত্ৰী অঞ্চলত এতিয়াও বহুসংখ্যক ড্ৰাগ্‌ছ আসক্ত লোকে নিজৰ দেহত ভয়ংকৰ HIV কঢ়িয়াই ঘূৰি ফুৰিছে৷ উল্লেখ্য যে মুকালমুৱা সামূহিক চিকিৎসালয়ত চিনাক্ত হোৱা প্ৰথমগৰাকী এইড্‌ছ ৰোগীৰ ঘৰ আছিল বৰক্ষেত্ৰীৰ চৰাঞ্চলত৷ অঞ্চলটোৰ কেইজনমান সচেতন যুৱকে মুকালমুৱা আৰক্ষীক ড্ৰাগ্‌ছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰক-পত্ৰ অৰ্পণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here